সদ্য প্ৰয়াত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী...
সদ্য প্ৰয়াত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী...  
নগাঁও

সদ্য প্ৰয়াত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ সদ্য প্ৰয়াত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি দৌল পূৰ্ণিমাৰ দিনটোতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত।

দৌল পূৰ্ণিমাৰ মাংগলিক অনুষ্ঠানৰ মাজেৰে তেওঁ প্ৰয়াত সত্ৰাধিকাৰ, বৈষ্ণৱ পণ্ডিত দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত উপস্থিত হয়। সত্ৰাধিকাৰগৰাকীৰ বাসগৃহত প্ৰয়াত দেৱগোস্বামীৰ ভাৰ্য্যা ইলোৰা গোস্বামী আৰু দুই পুত্ৰক সাক্ষাৎ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, যোৱা শনিবাৰৰ নিশা হথাৎ হৃদৰোগত আক্ৰান্ত হৈ বিয়োগ হৈছিল সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত তেওঁক সংগ দিয়ে ৰাজনৈতিক উপদেষ্টা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, নগাওঁ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা, নগাওঁ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু অন্যান্য দলীয় নেতা, কৰ্মীয়ে।