চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নাগৰিক সভা
চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নাগৰিক সভা 
নগাঁও

নগাঁৱৰ চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নাগৰিক সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : পুথিভঁৰাল সেৱা সঞ্চালকালয়ে নগাঁও পুথিভঁৰালী লৈ প্ৰেৰণ কৰা পত্ৰক লৈ নগাঁৱত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নগাঁও জিলা পুথিভঁৰালত থকা চলন্ত পুথিভঁৰাল বাহনখন নিলাম কৰা সম্পৰ্কীয় পত্ৰখন তথা নিলাম বাতিলৰ দাবীত নগাঁও কলেজৰ মতিৰাম বৰা উদ্যানত শুক্ৰবাৰে নগাঁও নাগৰিক সমাজৰ উপস্থিতিত এখন নাগৰিক সভা অনুষ্ঠিত হয়।

৬০ দশকত সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ দূৰদৰ্শী চিন্তাৰ আ‍ঁচনিখনক উত্তৰসূৰী সকলে ৰূপায়ণ কৰি ৰাখিব নোৱাৰি চৰম ব্যৰ্থতাৰ পৰিচয় দিয়াৰ লগতে সীমা চেৰাই বৰ্তমানৰ বিভাগীয় আমোলাসকলে বাহনখন নিলামৰ জৰিয়তে কাৰোবাক চমজাই দিয়াৰ ষড়যন্ত্ৰত হে লিপ্ত হোৱা বুলি নাগৰিক সমাজে মতপোষণ কৰে।

নাগৰিক সমাজৰ লগতে বিভিন্নজনে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত বিষয়টোৱে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। উক্ত নাগৰিক সভাত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি কয় যে নগাঁও জিলা প্ৰশাসন নগাঁওস্থিত পৌৰাণিক সম্পদসমূহ সংৰক্ষণত ব্যৰ্থ হৈছে।

ইতিমধ্যে নগাঁও মহাফেজখানাৰ ঐতিহাসিক সামগ্ৰী সমূহ,নগাঁও নেহেৰুবালিৰ সন্মুখৰ স্বাধীনতাৰ পূৰ্বৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কাৰ্যালয়টোকে প্ৰমুখ্য কৰি বহু কৃৰ্তীচিহ্ণ সমূহ নিচিহ্ন হোৱাৰ উপক্ৰম হৈছে।কিন্তু প্ৰশাসনক বাৰম্বাৰ আৰ্জি দাখিল কৰাৰ পাছতো নিৰ্বিকাৰ।ফলশ্ৰুতিত নগঞাঁ ৰাইজৰ সম্পদসমূহ বিলুপ্তিৰ পথত।

বাহনখনৰ নিলামৰ বিৰোধিতা কৰি নাগৰিক সভাই বাহনখন নিলামৰ সিদ্ধান্ত ৰদ কৰিব লাগে,গাড়ীখন বিজ্ঞান সন্মতভাবে উপযুক্ত ধৰণেৰে সংৰক্ষণ কৰিব লাগে,চলন্ত পুথিভঁৰালৰ আচঁনিখন পুনৰ কাৰ্যক্ষম কৰি তুলিব লাগে বুলি বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত নাগৰিক সভাখনত সভাপতিত্ব কৰে বিশিষ্ট নাগৰিক মুকুট বৰাই। আঁত ধৰে মনোজ সিংহ ৰাজাই ।

কৃষক সভাৰ ৰাতুল বৰাই সমগ্র বিষয়টো সন্দৰ্ভত এক কাৰ্যক্ৰমনিকা প্ৰস্তুতি সম্পৰ্কে প্ৰথম পদক্ষেপ হিচাপে পুথিভঁৰাল সেৱা সঞ্চালকলৈ জিলা উপায়ুক্তৰ জৰিয়তে গণস্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। উক্ত নাগৰিক সভাত বিশিষ্ট নাগৰিক অমৰেন্দ্ৰ শৰ্মা, আব্দুল চালাম,পুনিৰাম শইকীয়া, জিতু নাথ,মুকুল চন্দ্ৰ বৰা,ঈশান কোচ ৰাজবংশী,খগেন শইকীয়া প্ৰমুখ্যে অৰ্ধশতাধিক লোক উপস্থিত থাকে।