কামপুৰত বাল্য বিবাহঃ ৰভাস্থলীৰ পৰাই আটক দৰা, কইনাসহ পৰিয়ালৰ লোক...
কামপুৰত বাল্য বিবাহঃ ৰভাস্থলীৰ পৰাই আটক দৰা, কইনাসহ পৰিয়ালৰ লোক... 
নগাঁও

কামপুৰত বাল্য বিবাহঃ ৰভাস্থলীৰ পৰাই আটক দৰা, কইনাসহ পৰিয়ালৰ লোক...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো সজাগ আৰু সচেতন হোৱা নাই একাংশ পিতৃ-মাতৃ ৷ তাৰ উদাহৰণ পোৱা গ'ল কামপুৰত।

কামপুৰ দেবনাৰিকলি গাঁৱৰ এগৰাকী ১৭ বছৰীয়া নাবালিকাক আটিগাঁৱৰ ৰিন্টু কলিতা নামৰ এজন যুৱকৰ লগত বিয়া দিয়াৰ ব্যৱস্থা কৰিছিল ৷ সেই মৰ্মে বিয়াৰ সকলো ব্যৱস্থা কৰিলে পিতৃ মাতৃয়ে ৷

ৰভাতলিত আয়তীৰ উৰুলি, ব্যৱস্থা কৰা হ'ল অতিথি আপ্ৰায়নৰ বাবে বিধে বিধে খাদ্য সামগ্ৰী ৷ কইনা ঘৰত সকলোৰে অপেক্ষা বৰযাত্ৰীলৈ ৷ কিন্তু দৰাৰ লগত বৰযাত্ৰী নগৈ কইনা ঘৰত উপস্থিত হ'ল আৰক্ষী আৰু শিশু সুৰক্ষা সমিতি (CHILD LINE)ৰ লোক ৷

ৰভা তলিৰ পৰা নাবালিকা কইনাক উদ্ধাৰ কৰাৰ লগতে আটক কৰিলে কইনাৰ পিতৃক৷ আনহাতে দৰাৰূপী ৰিন্টু কলিতা নামৰ যুৱক জনকো আটক কৰিছে কামপুৰ আৰক্ষীয়ে ৷ বৰ্তমান কামপুৰ আৰক্ষী থানাত সোধপোচ অব্যাহত ৰাখিছে তেওঁলোকক ৷