কঠীয়াতলীত বীৰ জোঙাল বলহু দিৱস উদযাপন...
কঠীয়াতলীত বীৰ জোঙাল বলহু দিৱস উদযাপন... 
নগাঁও

কঠীয়াতলীত বীৰ জোঙাল বলহু দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ কঠীয়াতলী: আজি নগাঁও জিলাৰ কঠীয়াতলীৰ উপৰবৰ তিৱা গাঁও প্ৰাথমিক বিদ্যালয় খেলপথাৰত তিৱা ৰজা বীৰ জোঙাল বলহু দিৱস সফলতাৰে উদযাপন কৰা হয়। নগাঁও জিলা জোঙাল বলহু দিৱস উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ সহযোগত কঠীয়াতলী উপৰবৰ তিৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে তিৱা জাতীয় বীৰ ৰজা জোঙাল বলহু দিৱস আজি উদযাপন কৰা হয়।

পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু প্ৰতিনিধি সভাৰে কাৰ্যসূচী আৰম্ভ হৈ দুপৰীয়া ১ বজাৰ পৰা মুকলি সভা আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত তিৱা জাতিৰ হকে কাম কৰি যোৱা বহু কেইজন লোকক সম্বৰ্ধনা জনোৱা হয়।

উক্ত সভাতে "লাফ্লি" নামৰ এক ছবি পত্ৰিকাও উন্মোচন কৰা হয়। নিশা বাৰেৰহনীয়া তিৱা সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সামৰণি পৰিব।