নগাঁও

শিক্ষক, সমাজকৰ্মী চন্দ্ৰকান্ত বৰদলৈৰ স্মৃতিচাৰণ সভাত 'শ্ৰদ্ধাঞ্জলি কানন' উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ ভালুকমাৰী নিবাসী শিক্ষক, সমাজকৰ্মী চন্দ্ৰকান্ত বৰদলৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে পৰিয়ালৰ সহযোগত স্থানীয় ৰাইজৰ দ্বাৰা ১ নবেম্বৰৰ বিয়লি এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বক্তাৰ হুছেইনৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাৰ পূৰ্বে নগাঁও, মৰিগাঁও আৰু হোজাই জিলা পালনাম সমিতিৰ সভাপতি কিনাৰাম বৰদলৈয়ে প্ৰয়াত চন্দ্ৰকান্ত বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰে।

সহ: অধ্যাপিকা বনশ্ৰী দেৱীয়ে আঁত ধৰা এই সভাত শিক্ষক যজ্ঞেশ্বৰ ৰাজখোৱা, কিনাৰাম বৰদলৈ, কৃষ্ণকান্ত নাথ, বিনয় নাথ, ইন্দ্ৰেশ্বৰ বৰদলৈ আদিয়ে ভাষণ প্ৰসংগত প্ৰয়াত চন্দ্ৰকান্ত বৰদলৈৰ জীৱন সম্পৰ্কত আলোকপাত কৰি সমাজে এগৰাকী সহজ-সৰল, সৎ, স্পষ্টবাদী শিক্ষকক হেৰুৱালে বুলি গভীৰ দুখ প্ৰকাশ কৰে। উক্ত সভাতে সভাপতি বক্তাৰ হুছেইনে বৰষা ৰাণী বৰদলৈৰ সম্পাদনাত প্ৰকাশিত 'শ্ৰদ্ধাঞ্জলি কানন' শীৰ্ষক শ্ৰদ্ধাঞ্জলি গ্ৰন্থখনি উন্মোচন কৰে।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক ঠগীত চন্দ্ৰ বৰুৱা, অধ্যক্ষ উৎপল বৰা, শিক্ষক ৰঞ্জিত শইকীয়া, শিক্ষক প্ৰেমানন্দ শইকীয়া, প্ৰয়াত বৰদলৈৰ পত্নী মামণি বৰদলৈ, সাংবাদিক জয়ন্ত বৰাৰ উপৰি কেইবাটাও শিক্ষক সন্থাৰ প্ৰতিনিধিবৰ্গ তথা শিক্ষক, সমাজকৰ্মী প্ৰমুখ্যে শতাধিক লোক উপস্থিত আছিল।