৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন 
নগাঁও

বটদ্ৰৱাত ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক সু-বৃহৎ অনুষ্ঠান এক শৰণ ভাগৱতী সমাজ অসমৰ বৃহৎ আঞ্চলিক শাখা বটদ্ৰৱাৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’য় । ধৰ্মালোচনী সভা আৰু মহা পালনাম কীৰ্তন অনুষ্ঠান ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে হাতীচোং কমাৰচুকৰ বৰ নামঘৰ প্ৰাংগনত সম্পন্ন হয়।

কাৰ্যসূচী অনুসৰি ১৭ মাৰ্চৰ পুৱা প্ৰাত: প্ৰসংগৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছত পুৱা ৯.০০ বজাত ধৰ্মধ্বজ্জা উত্তোলন কৰে আঞ্চলিকৰ সভাপতি প্ৰবীন আতাই। বিয়লি ২.০০ বজাত অনুষ্ঠিত প্ৰতিনিধি সভাত বিগত দুবছৰীয়া কাৰ্যকালৰ বাবে পূৰ্ণ চন্দ্ৰ দাসক সভাপতি আৰু সুৰেন চন্দ্ৰ দাসক সম্পাদক নিৰ্বাচিত কৰে ।

১৮ মাৰ্চৰ দিনা মূল কাৰ্যসূচী হিচাবে পুৱা ৯.০০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, নাম প্ৰসংগ আৰু দিনৰ ২.০০ বজাত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা। এক শৰণ ভাগৱতী সমাজ অসমৰ উপাচৰ্য মুহিধৰ আতাৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাখন ভাগৱতী সমাজৰ নগাঁও জিলাৰ সভাপতি ভূৱনেশ্বৰ দাসে উদ্বোধন কৰে। ধৰ্মালোচনী সভাত নিদ্দিষ্ট বক্তাৰ ভাষন ৰাখে ভাগৱতী সমাজ অসমৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি আৰু সচিব জীৱন চন্দ্ৰ দাসে।

উক্ত ধৰ্মালোচনী সভাত ভাগৱতী সমাজ অসমৰ প্ৰধান সচিব জীৱন কাকতি, প্ৰাদেশিক পালনামাচাৰ্য হিৰেন আতা, নগাঁও জিলাৰ সম্পাদক উমাকান্ত দাস, পাৰ্মাৰ্থিক সদস্য জিতেন হাজৰিকাকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকি ধৰ্মীয়-তাত্বিক ভাষন প্ৰদান কৰে। সন্ধ্যা ৭.০০ বজাত গুণমালা কীৰ্তন আৰু নিশা ৯.০০বজাৰ পৰা পৰম মংগলময় পাল নাম কীৰ্তন অনুষ্ঠিত হয়। এই মহা পাল নাম কীৰ্তন ১৯ মাৰ্চৰ পুৱালৈকে অবিৰতভাৱে চলি পুৱা ৭.০০ বজাত সামৰণি হয় কৃপা প্ৰাৰ্থনাৰে।