কলিয়াবৰত মইনা পাৰিজাতৰদ্বাৰা ভোগালী উৎসৱ উদযাপন...
কলিয়াবৰত মইনা পাৰিজাতৰদ্বাৰা ভোগালী উৎসৱ উদযাপন... 
নগাঁও

কলিয়াবৰত মইনা পাৰিজাতৰ দ্বাৰা ভোগালী উৎসৱ উদযাপন...

Asomiya Pratidin

ডিজিটেল সংৱাদ কলিয়াবৰঃ কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সৌজন্যত আৰু হাটবৰৰ উত্তৰণ মইনা পাৰিজাতৰ ব্যৱস্থাপনাত মঙ্গলবাৰে দিনজোৰাকৈ ভোগালী উৎসৱ উদযাপন কৰা হয়। হাটবৰ হাজাৰ মন্দিৰৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে শিশু বন্ধু পুলিন কাকতিয়ে।

ইয়াৰ পাছতে হাৰলি ঘৰত বন্তি প্ৰজ্বলন কৰে নৰেণ বৰাই। বিয়লি উত্তৰণ মইনা পাৰিজাতৰ সদস্যা ঋষিকা বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই।

মৃনাল কুমাৰ হাজৰিকাই উদ্বোধন কৰা সভাখনিত বিশিষ্ট অতিথি আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে ক্ৰমে প্ৰাগজ্যোতি মইনা পাৰিজাতৰ সদস্যা বৰ্ণিকা শৰ্মা আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰে। অনুষ্ঠানত মইনা অতিথি হিচাপে অংশগ্ৰহণ কৰে দৰ্শিতা,পাৰ্চী আৰু দিয়া মধুকলাই।

সভাত বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকায়ো ভাষণ দিয়ে।পুৱা মইনাসকলৰ মাজত চিত্ৰাংকন আৰু বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।