দেওবাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱঃ অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতা...
দেওবাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱঃ অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতা... 
নগাঁও

দেওবাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱঃ অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ সহযোগত ২৮ এপ্ৰিল (১৫ ব'হাগ)ৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ দিহা কৰা হৈছে। বটদ্ৰৱা সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই।

৯.৩০ বজাত গছপুলি ৰোপণ, ১০ বজাত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত আৰম্ভ হ'ব সাংস্কৃতিক শোভাযাত্ৰা। দুপৰীয়া ১ বজাত ছবি অঁকা প্ৰতিযোগিতা, ২ বজাত ভেশছন প্ৰতিযোগিতা আৰু বিয়লি ৩ বজাত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা উদ্বোধন কৰিব বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই আৰু পৰিচালনা কৰিব সংবাদিক দিব্যজ্যোতি বৰুৱাই।

কুইজ প্ৰতিযোগিতাৰ শেষত প্ৰথম দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা দল কেইটাক নগদ ধনৰ লগতে মানপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ'ব। সকলো বয়সৰ প্ৰতিযোগীৰ বাবে মুকলি কুইজ প্ৰতিযোগিতাখনিত এটা দলত দুজন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।

আনহাতে সন্ধিয়া ৬ বজাত আৰম্ভ হ'ব সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা। প্ৰতিযোগিতাখন উদ্বোধন কৰিব সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত গল্পকাৰ শিৱানন্দ কাকতিয়ে। নিশা ১০ বজাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব।

বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ হৈ কাৰ্যকৰী সভাপতি জোনমণি ভূঞা আৰু সম্পাদক সুনিল বৰুৱাই।