নগাঁও

চমুৱা মুক্ত পুথিভঁৰাল প্ৰাংগণত ব'হাগী উৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ ৪৬ সংখ্যক ধিং চমুৱা আঞ্চলিক ব'হাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ফনীন্দ্ৰ ক্ষেত্ৰ,চমুৱা মুক্ত পুথিভঁৰাল প্ৰাংগণত শুকুৰবাৰৰ পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী উৎসৱ আৰম্ভ হয়। কালি পুৱাৰে পৰা পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত হয়। আজি পুৱা স্থায়ী সম্পাদক সুৰজিত দেৱনাথে বিহুৰ ওলগ জনাই,পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰেমেশ্বৰ ঠাকুৰীয়াই,শ্বহীদ তৰ্পন কৰে উমেশ ঠাকুৰীয়াই।

পাছত চিত্ৰাংকন প্ৰতিযোগিতা, ভেশছন প্ৰতিযোগিতা অনুষ্ঠিত হয়।বিয়লি তিনি বজাত কুইজ প্ৰতিযোগিতা আৰম্ভ হয়। কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ সংবাদিক দিব্যজ্যোতি বৰুৱাই। নিশা অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২১ এপ্ৰিলৰ পুৱা অনুষ্ঠিত হ'ব কবি সন্মিলন লগতে নিশা সাংস্কৃতিক অনুষ্ঠিত হ'ব বুলি জনাই উদ্যোক্তাসকলে।