নগাঁও

নগাঁৱত আমিনুল ইছলামৰ বিজয় নিশ্চিত : বদৰুদ্দিন আজমল

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰ : ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট। প্ৰতিটো দলৰ ইজনৰ পিছত সিজন নেতা উপস্থিত হৈ সমষ্টিটোত নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে।

দেওবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ কাকতিগাঁৱত নগাঁৱৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমলে। হেলিকপ্টাৰযোগে আহি কাকতিগাঁৱত বিশাল নিৰ্বাচনী সভাত ভাষণ দি নগাঁৱত আমিনুল ইছলামৰ বিজয় নিশ্চিত আৰু দিল্লীলৈ আমিনুল ইছলাম যাবই বুলি মন্তব্য কৰে।

এ আই ইউ ডি এফৰ ৰহা সমষ্টিৰ সভাপতি জহুৰ আলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত আজমলে শাসনাধিষ্ঠ বি জে পি আৰু বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে।আজমলে সংখ্যালঘু লোকৰ ভোটাৰৰ অধিক থকা এই সমষ্টিত এজন সংখ্যালঘু লোকক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু আমিনুল ইছলামক জয়ী কৰাবৰ বাবে উপস্থিত সকলৰ প্ৰতি আহ্বান জনায়।

ইফালে প্ৰাৰ্থী আমিনুল ইছলামেও শাসকীয় দল বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। ইছলামে ভাষণ প্ৰসংগত কয় যে এইবাৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বি জে পিয়ে চৰকাৰ গঠন কৰিলে সংবিধান সংশোধন কৰি এখন হিন্দু ৰাষ্ট্ৰ বনাব বুলি কয়।

লগতে ইয়াত ইছলাম আৰু খ্ৰীষ্টানৰ ভোটদানৰ ক্ষমতা নাথাকিব বুলি কয়। সেয়ে তেওঁ ভাৰতৰ সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত এ আই ডি এফ দলক ভোট দিয়াৰ বাবে আহ্বান জনায়।

সভাৰ অন্তত আজমলে উল্লেখ কৰে যে চৰকাৰে বাধা দি ৰখাৰ বাবে জৰাফুকাৰ ৰাজনীতি এতিয়া নকৰে। কিন্তু নিৰ্বাচনৰ পিছত কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

সভাত এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক চম্পক কলিতা,নুপুৰ বৰ্ধনকে ধৰি বহু কেইজন নেতা উপস্থিত থাকে। সভাখনৰ আঁত ধৰে তফজুল হুছেইনে।