নগাঁও

সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নক সুৰেন কুমাৰ বৰা সোঁৱৰণী বঁটা প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ "যি মানুহক বেয়া পায় তেওঁ ভগৱানকো বেয়া পায়। যি সাহিত্যত মানুহৰ কথা নাই সেই সাহিত্য কেতিয়াও মানুহৰ সাহিত্য হ'ব নোৱাৰে " এই মন্তব্য সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নৰ। মঙলবাৰে সাহিত্যিক সংগঠক সুৰেন কুমাৰ বৰা সোঁৱৰণী সাহিত্য বঁটা প্ৰদান কৰে ৮৬ বছৰীয়া সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নক।

আজি নগাঁও চৰকাৰী পেঞ্চনাৰ ভৱনত জিলা সাহিত্য সন্মিলনীৰ নগাঁও জিলা উদ্যোগত আৰু সুৰেন কুমাৰ বৰা পৰিয়ালৰ সহযোগত হোৱা বঁটা প্ৰদান সভাখনত পৌৰহিত্য কৰে নগাঁও জিলা সন্মিলনীৰ সভাপতি খগেন শইকীয়াই। সভাৰ আৰম্ভণিতে সুৰেন চন্দ্ৰ বৰাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে দ্বীপ্তি বৰাই। বৰগীত পৰিৱেশন কৰে কণমানি শিল্পী ৰাজতৰংগিনী শইকীয়াই।

নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি খগেন শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সোঁৱৰণী সভাখনত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ড° সাগৰ বৰুৱা আৰু অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি ডাঃ ঋষেশ্বৰ ঠেঙাল নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য দাঙি ধৰে।

ডাঃ ঋষেশ্বৰ ঠেঙালে তেখেতৰ ভাষণত "যুৱ সাহিত্যিকসকলেহে অসমীয়া সাহিত্যৰ ধাৰাটো আগবঢ়াই নিব লাগিব আৰু যুৱ শক্তিয়েহে অসমীয়া সাহিত্য জীয়াই ৰাখিব পাৰিব বুলি কয়। নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সম্পাদক মুকুল চন্দ্ৰ বৰাই সভাৰ উদেশ্য ব্যাখ্যাত সাহিত্যিক, সংগঠক সুৰেন চন্দ্ৰ বৰাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে এই বৰ্ষত সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নক আৰু ইয়াৰ আগতে নাট্যকাৰ দেৱ কুমাৰ শইকীয়া, গীতিকাৰ সূৰ্য কুমাৰ ৰাজা আৰু মুকুট চন্দ্ৰ ভূঞাক প্ৰদান কৰা হৈছিল বুলি কয়।

সুৰেন কুমাৰ বৰাৰ কন্যা প্ৰশান্তি বৰাই আদৰণী ভাষণত উপস্থিত সকলোৰে শলাগ লয়। সভাত জিলাখনৰ কমলেশ্বৰ বৰুৱা, দুলাল বৰা, ভৱেন বৰা, গৌৰী বল্লভ গোস্বামী, ভদ্ৰ দাস, অমল বৰা, গোপাল ভূঞা, গোলাপ বৰা, মৃদু পবন বৰা, মুনীদ্ৰ শইকীয়া, চন্দ্ৰ মুদৈ, ডাঃ দেবেন মুক্তিয়াৰ, পুনিৰাম শইকীয়া আদি কৰি শতাধীশ গণ্য-মান্য কবি সাহিত্যিকৰ লগতে পৰিয়ালৰ লোকসকল উপস্থিত থাকে।