নগাঁও

বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰয়ৰ দেহাৱসান

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ এগৰাকী আগশাৰীৰ চিত্ৰশিল্পী তথা নগাঁৱৰ প্ৰখ্যাত 'কল্লোল' চিত্ৰাংকন বিদ্যালয়ৰ অধ্যক্ষ কিৰণ শংকৰ ৰয়ৰ দেহাৱসান ঘটে। বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে দেওবাৰে পুৱতি নিশাৰ ভাগত ৭৪ বছৰ বয়সত জীৱন নাটৰ মেলানি মাগে।

১৯৪৯ চনৰ ২৫ নবেম্বৰত কিৰন শংকৰ ৰয়ৰ জন্ম হৈছিল ৷ শালনাৰ চিমনাবস্তিত জন্মগ্ৰহণ কৰা কিৰন শংকৰে চিমনা বস্তি প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলিছিল ৷

পৰৱৰ্তী সময়ত নগাঁও বেংগলী বইজ হাইস্কুলত বিদ্যাৰম্ভ কৰি নগাঁও কলেজত অধ্যায়ন কৰিছিল ৷ সৰুৰে পৰা চিত্ৰকলাৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে পিতৃয়ে শান্তি নিকেতনত নাম ভৰ্তি কৰোৱাবলৈ সাজু হওঁতে পিতৃৰ বিয়োগৰ বাবে কিৰন শংকৰৰ এই যাত্ৰ স্থবিৰ হৈ পৰে ৷

আপেনভোলা শিল্পীগৰাকী জীৱনটো শিল্পকলাৰ চৰ্চাৰে জড়িত হোৱাই নহয় মৃত্যুৰ পিছতো তেওঁৰ নশ্বৰ দেহ সমজৰ হিতৰ বাবে যাতে ব্যৱহাৰ হয় সেয়ে তেওঁ দেহদান কৰি থৈ গৈছিল। পৃথিৱীখনিক নতুনকৈ কোনোৱে চাবলৈ শিল্পী কিৰন শংকৰ ৰয়ে নেত্ৰদান কৰাৰ লগতে চিকিৎসা বিজ্ঞানৰ উত্তৰনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালত দেহদান কৰিছিল ৷

ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে নেত্ৰদান কৰা কিৰণ শংকৰ ৰয়ৰ নেত্ৰ শংকৰদেৱ নেত্ৰালয়ে ইতিমধ্যে সংগ্ৰহ কৰিছে ৷ ইফালে দুপৰীয়া তেওঁৰ মৰণোত্তৰ দেহদান কাৰ্যসূচী সম্পন্ন কৰা হ'ব ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল চিত্ৰশিল্পী কিৰণ শংকৰ ৰয়। শিল্পী প্ৰতিভাৰ বাবে ২০২২ চনত তেওঁক 'প্ৰণৱ বৰুৱা বঁটা'ৰে সন্মানিত কৰা হৈছিল লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শিল্পীগৰাকীয়ে লাভ কৰিছিল শিল্পীপেঞ্চন।

শিল্পীগৰাকীয়ৰ বৰ্ণময় জীৱনত বিষ্ণুপ্ৰসাদ ৰাভা,ড০ ভূপেন হাজৰিকাৰ দৰে ব্য়ক্তিত্বৰ সান্নিধ্য লাভ কৰিছিল। ইফালে চিত্ৰশিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত দুখ প্ৰকাশ কৰি পৰিয়ালৰলোকে কয় যে, বহুদিনৰ পৰাই কৰ্কট ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল।

বহু চেষ্টা কৰিয়ো নিয়তিৰ ওচৰত হাৰ মনা পৰিয়ালটোৱে শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। আনহাতে বিভিন্ন দল-সংগঠনে শিল্পীগৰাকীৰ মৃত্যুত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

গুৱাহাটীৰ শিলপুখুৰীত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা প্ৰয়াত কিৰন শংকৰ ৰয়ে মৃত্যুৰ সময়ত পত্নী মীনা পাল , ফটো সাংবাদিক চিন্ময় ৰয় , ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সমিতিৰ সদস্য সত্যজিৎ ৰয়কে ধৰি আত্মীয় স্বজনক এৰি থৈ গৈছে ৷