নগাঁও

শিল্পী অজিত শৰ্মাৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও নিবাসী বিশিষ্ট শিল্পী অজিত শৰ্মাৰ (৬৩) সোমবাৰে পুৱা মৃত্যু হয়। কিছুদিন ধৰি অসুস্থ হৈ থকা অজিত শৰ্মা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে সোমবাৰে পুৱা তেওঁৰ মৃত্যু হয়।

এগৰাকী পাকৈত ধুলীয়া হিচাপে সমগ্ৰ অসমতে পৰিচিতি থকা অজিত শৰ্মাৰ তত্বাৱধানত বহু ধুলীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। এগৰাকী সুদক্ষ বিহুৱা অজিত শৰ্মা এজন সফল মঞ্চ অভিনেতা আছিল।‌ তেওঁ বিহু সুৰক্ষা সমিতিৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা হিচাপে কাৰ্ষনিৰ্বাহ কৰিছিল। ।তেওঁ অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ সদস্য হোৱাৰ লগতে অসম আন্দোলনৰ কৰ্মী আছিল।

অজিত শৰ্মাৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰে। শৰ্মাৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বিহু সুৰক্ষা সমিতিৰ নগাঁও জিলা সমিতি, হয়বৰগাঁও বীণাপানী নাট্য সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, কন্যাসহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে।