নগাঁও

শংকৰ সংঘৰ সদস্য পদ গ্ৰহণ নকৰাৰ বাবে এটি পৰিয়ালক নিৰ্যাতনৰ অভিযোগ, বিশেষভাৱে সক্ষম যুৱকৰ ভাঙিলে হাত!

Asomiya Pratidin


ডিজিটেল সংবাদ ,নগাঁও : নগাঁৱত চাঞ্চল্য ৷ শংকৰদেৱ সংঘৰ সদস্য পদ গ্ৰহণ নকৰাৰ বাবে এইবাৰ এটি পৰিয়ালক নিৰ্যাতন ৷ ধাৰাবাহিক ভাবে চলোৱা আক্ৰমনত দিক বিদিক হেৰুৱাই পেলাইছে তিনিজনীয়া এটি পৰিয়ালে ৷ নিৰ্যাতনে এনে পৰ্যায় পাইগৈ যে পৰিয়ালটোৰ বিশেষভাৱে সক্ষম যুৱকৰ হাত পৰ্যন্ত ভাঙি পেলোৱাৰ অভিযোগ উঠিছে ৷

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ পোটনি বিৰহি গাঁৱত ৷ ঘটনাৰ সন্দৰ্ভত পম্পী শইকীয়াই ননৈ আৰক্ষীৰ ওচৰত চাপিছিল যদিও আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ৷ ফলত অসহায় হৈ পৰিছে পৰিয়ালটো ৷

জানিব পৰা মতে পম্পী শইকীয়াই ভায়েক মৃদুল শইকীয়া আৰু একমাত্ৰ সন্তানক লৈ বিৰহী গাঁৱত বসবাস কৰে ৷ মৃদুল শইকীয়াই চলোৱা টেম্পুৰ আয়ৰে পৰিয়ালটোয়ে জীৱন নিৰ্বাহ কৰি আহিছে ৷ অভিযোগ মতে গাঁওঁখনৰ জনৈক কৃষ্ণৰ নেতৃত্বতে নিৰ্যাতন চলাৰ অভিযোগ আনিছে পম্পী শইকীয়াই ৷

শংকৰ সংঘৰ সদস্যপদ গ্ৰহণ নকৰিলে পৰিয়ালটোক হত্যা কৰাৰ ভাবুকি দিয়া বুলি পম্পী আৰু মৃদুলে সংবাদ মাধ্যমক কয় ৷ শেহতীয়াকৈ বিশেষভাৱে সক্ষম যুৱকজনৰ হাত ভঙাৰ পিছত নিৰাপত্তাহীনতাত ভুগি পৰিয়ালটো সংবাদমাধ্যমৰ কাষ চাপিছে ৷ নিৰাপত্তা হীনতাত ভুগা পৰিয়ালটোৰ কাষত সংঘৰ বৰমূৰীয়া সকল উপস্থিত হৈ পৰিয়ালটোৰ ন্যায় ব্যৱস্থা কৰি সংঘৰ সৌস্তভ বৃদ্ধি কৰিবনে সেয়াহে লক্ষণীয় হ'ব ।