নগাঁও

জোনমণি ৰাভাৰ মৃত্যুত সদৌ তিৱা ছাত্ৰ সন্থাৰ উচিত তদন্তৰ দাবী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়া : সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত ইংৰাজী ১৯ মে', শুকুৰবাৰে সন্থাৰ সভাপতি মুংছা অনিৰুদ্ধ মিঠিৰ সভাপতিত্বত এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ সভাই আৰম্ভণিতে নগাঁও জিলাৰ মৰিকলং থানাৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সন্থাই জোনমণি ৰাভাৰ হত্যাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

লগতে সভাত তিৱাসকলৰ দীৰ্ঘদিনীয়া দাবী তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনোৱাৰ লগতে তিৱা ভাষা শিক্ষকক নিযুক্তি প্ৰদান কৰাকে ধৰি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক আঞ্চলিক তিৱা পৰিষদ গঠন কৰা আৰু মেঘালয়ত বসবাস কৰা তিৱাসকলক জনজাতি মৰ্যদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷ সভাত সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত মছৰং, উপ-সভাপতি কন্দৰ্প হুকাই, বিত্ত সম্পাদক বিদ্যা মিঠি , শিক্ষা সম্পাদক ৰাহুল ফামজং, মৰিগাঁও জিলাৰ সভাপতি সম্পাদক যথাক্ৰমে অনুপ পাটৰ আৰু মংছা তৰুণ মাদাৰ, কামৰূপ জিলাৰ সম্পাদক ললিত দলৈকে আদি কৰি ছাত্ৰ সন্থাৰ বিভিন্ন জিলাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷

উল্লখ্য যে, অহা ৬ জুন তাৰিখে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণধৰ্ণা , ১৯ জুন তাৰিখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুঘন্টীয়া পথ অৱৰোধ আৰু ১৫ জুলাই ২০২৩ তাৰিখে নেলী মকৰীয়াত এক বিশাল গণ সমাবেশ অনুষ্ঠিত হ'ব বুলি সন্থাৰ কেন্দ্ৰীয় সম্পাদকে জানিবলৈ দিয়ে ৷