ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহ...
ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহ... 
নগাঁও

ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গঁড়ৰ চোৰাং চিকাৰী ছাইদুল ইছলামৰ মৃতদেহ উদ্ধাৰ। দেওবাৰে ছাইদুল ইছলামৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে।

গঁড় হত্যাকাৰী ছাইদুল ইছলামৰ ঘৰ আছিল নগাওঁ জিলাৰ লাহৰিঘাটত।উল্লেখ্য, কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ কাঠপৰাৰ গঁড় হত্যা কাণ্ডত জড়িত আছিল ছাইদুল ইছলাম।

যোৱা শুকুৰবাৰে এছ টি এফে গঁড়ৰ খৰ্গসহ তেওঁক কৰায়ত্ত কৰিছিল। জানিব পৰা মতে তেওঁ বটদ্ৰৱাৰ শান্তিপুৰ বজাৰত আন ৩ সতীৰ্থৰ সৈতে গঁড়ৰ খৰ্গ বিক্ৰি কৰিবলৈ আহিছিল।

সেই সময়তে অভিযানকাৰী দলটোৱে এই চাৰি গঁড় চিকাৰীক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই গুলী চালনাও কৰিছিল। ফলত ৩ টা চোৰাং চিকাৰী পলায়ন কৰিছিল যদিও ছাইদুল ইছলামক এছ টি এফে আটক কৰিবলৈ সক্ষম হৈছিল।

ছাইদুলৰ পৰা দলটোৱে জব্দ কৰিছিল ৭৫০ গ্ৰাম ওজনৰ এটা গঁড়ৰ খৰ্গ। পৰৱৰ্তী সময়ত শুকুৰবাৰে নিশা ছাইদুলক লগত লৈ কাজিৰঙাৰ বাগৰিৰ গঁড়হত্যাস্থলী দেখুৱাবলৈ নিয়াৰ অৱস্থাতে ঘন হাবিৰ সুযোগ লৈ পলায়ন কৰিছিল ছাইদুল।

আজি তেওঁৰ মৃতদেহ এইদৰে ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে।