আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা...
আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা... 
নগাঁও

আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ শুকুৰবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ ঘোষিত ছাত্ৰ একতা সভা নিৰ্বাচনী ফলাফলত আছুৰ সমৰ্থিত প্ৰাৰ্থীসকলে জয় লাভ কৰে। উল্লেখ্য যে, কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি মুঠ ১৫ পদৰ সকলো পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰি দখল কৰে ছাত্ৰ একতা সভাৰ মজিয়া।

নিৰ্বাচনত জয়ী হোৱা আছু সমৰ্থিত প্ৰাৰ্থীসকল হ’ল ক্ৰমে সভাপতি পদত - লক্ষ্যজ্যোতি বৰুৱা,উপ-সভাপতি পদত- অৰূপ বৰা,সাধাৰণ সম্পাদক - বিনোদ হাঞ্চে, সহকাৰী সাধাৰণ সম্পাদক - ইদুল হক চৌধুৰী, বহিঃ ক্রীড়া সম্পাদক মঃ মোজাহিদ আলি, আভ্যন্তৰীণ ক্রীড়া সম্পাদক পদত- অবিনাশ ডেকা, সাংস্কৃতিক সম্পাদক - মূৰ্চনা বৰা, উৎসৱ সম্পাদক - সুকন্যা হাজৰিকা, সংগীত সম্পাদক - ৰিদিপ বড়ো,তর্ক সম্পাদক - প্রীতম মল্লিক, সমাজ সেৱা সম্পাদক – প্ৰাঞ্জল ৰায়,আলোচনী সম্পাদক - পৰিকংকনা বৰা, সাহিত্য আৰু কলা সম্পাদক- ভাস্কৰ জ্যোতি শ‍ইকীয়া,ছাত্র জিৰণী কোঠা সম্পাদক - নৱজ্যোতি শৰ্মা আৰু ছাত্ৰী জিৰণী কোঠা সম্পাদিকা পদত জয়ী হয় জ্যোৎস্না হাজৰিকা ৷

উল্লেখ্য যে, আছু সমৰ্থিত প্ৰাৰ্থীসকলে বৃহৎ জয় লাভ কৰাত আছুৰ সদস্যসকল আজি উৎফুল্লিত হৈ পৰা দেখা যায়। কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ এই বৃহৎ জয়ৰ পিচতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থাৰ কাৰ্যালয় প্ৰাঙ্গণত সম্বৰ্ধনা জনোৱা হয় আছুৰ বিজয়ী প্ৰাৰ্থীসকলক। তাৰ পাছতেই কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ পৰা এক বিজয় ৰেলী উলিওৱা হয়।