ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট..
ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট.. 
নগাঁও

ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভূমি কেন্দ্ৰিক সংঘাতে ল'লে ভয়ংকৰ ৰূপ। দুই ফৈদৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত আহত প্ৰায় ৬ গৰাকী লোক।

এই ঘটনা সংঘটিত হৈছে মৈৰাবাৰীত। মৈৰাবাৰীৰ লেংৰিবৰীত আজি ভূমিকেন্দ্ৰিক সংঘাতে ল'লে চূড়ান্ত ৰূপ। দুই ফৈদৰ মাজত সৃষ্টি হয় মাৰপিটৰ ঘটনা।

এই ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে ৬ জনকৈ লোক। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে নগাওঁ অসামৰিক চিকিৎসালয়ত। জানিব পৰা মতে আব্দুল হামিদ আৰু হবিবুৰ ৰহমানৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই সংঘাত।