নগাঁও

বটদ্ৰৱা প্ৰকল্পৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে : মুখ্যমন্ত্ৰী ড০ শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : "ল'ৰা-ছোৱালী জন্ম হয় হ'ল, নামাকৰণৰ সময়ত হুলস্থুল কৰিলে কি লাভ হ'ব ? ৰাজ্যসভা-লোকসভাত পাছ হ'ল বিলখন। আন্দোলন হ'ব লাগিছিল আইন পাছ হোৱাৰ সময়ত। এতিয়া কি লাভ? কা বিৰোধিতা কৰা, সপক্ষে থকা সকলোকে মই সন্মান কৰোঁ। মোডীৰ দৰে হিমন্ত বিশ্ব শৰ্মায়ো গেৰাণ্টী দিছোঁ, এটাও নতুন মানুহ নাহে, ময়ো আহিব নিদিওঁ।" দেওবাৰে বটদ্ৰৱাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইফালে অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ, মুখ্যমন্ত্ৰীয়ে কয়- "আন্দোলন কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব। অৱশ্যে ছাত্ৰ সংগঠনে আন্দোলন কৰাত কোনো বাধা নাই নাই। ৰাজনৈতিক দলৰ নেতাই যদি কা আন্দোলনত অংশগ্ৰহণ কৰে, তেন্ত দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব।

ৰাজনৈতিক দলে আন্দোলন কৰিলে আমি নিৰ্বাচন আয়োগক অভিযোগ তুলিম। পলিটিকেল পাৰ্টীয়ে হায়কৰ্টৰ অৰ্ডাৰ অমান্য কৰিব নোৱাৰে। প্ৰয়োজনত যুক্তিৰ ভিত্তিত বাতিল হ'ব কা।

কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰে যদি বেয়া কাম কৰিছে, কা উচ্চতম ন্যায়ালয়ে নিজে বাতিল কৰিব, আমি আন্দোলনৰ কৰিব নালাগে।" বুলি ড০ শৰ্মাই মন্তব্য কৰে। লগতে আইএমডিটি কথা উল্লেখ কৰি, আইএমডিটি আইন কোনো আন্দোলনত বাতিল হোৱা নাছিল, আইএমডিটি বাতিল কৰিছিল উচ্চতম ন্যায়ালয়ে। 'কা' গোচৰ চলি আছে, চৰকাৰে যুক্তি দিব।

উচ্চতম ন্যায়ালয়ে যি ৰায় দিব আমি মানি ল'ম।" বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দেওবাৰে পুৱা হেলিকপ্টাৰযোগে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ নিৰ্মীয়মাণ প্ৰকল্প পৰিদৰ্শন কৰি কয়- "বটদ্ৰৱা প্ৰকল্পৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে। চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা ১০ মে'ৰ পূৰ্ব তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প।"

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়- "নগাঁও লোকসভা সমষ্টি এতিয়াও ৫০/৫০ অৱস্থাত আছে। এইবাৰ মই আশা কৰিছোঁ মুছলমান সম্প্ৰদায়ৰ মা-ভনীসকলে এইবাৰ মোডী ডাঙৰীয়াক আগতকৈ বেছি সমৰ্থন কৰিব।"

গঁড় হত্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি গৌৰৱ গগৈৰ মন্তব্য হাঁহিয়াতৰ পাত্ৰ বুলি ড০ শৰ্মাই কটাক্ষ কৰে। শেষত কাইলৈ অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।