নগাঁও

পয়সত্তৰ বছৰীয়া পৰম্পৰাৰে বটদ্ৰৱাৰ নতুন ভোগবাৰী সত্ৰত ভোগালীৰ ভোজ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যত অব্যাহত আছে ভোগালী বিহুৰ পৰম্পৰাগত আনন্দ উল্লাস। পয়সত্তৰ বছৰীয়া পৰম্পৰাৰে নতুন ভোগবাৰী সত্ৰত আজি অনুষ্ঠিত হৈছে ভোগালীৰ ৰাজহুৱা বৰভোজ।

বটদ্ৰৱাৰ সমীপৱৰ্তী নতুন ভোগবাৰী সত্ৰৰ ৰাইজে এনেদৰে প্ৰতি বছৰে মাঘ বিহুৰ পাছতে মুকলি পথাৰত ভোজ পতা পৰম্পৰা। পৰম্পৰা অনুসৰি ৰাইজৰ কোনোৱে ছাগলী, কোনোৱে মিঠাতেল, কোনোৱে মাহ, মাছ আগবঢ়ায়। তদুপলক্ষে আজি সত্ৰৰ পথাৰত ডেকা, বুঢ়া সকলোৱে একগোট হৈ শাৰী শাৰী কৈ বহি ভোজত খোৱা দৃশ্যই সুন্দৰ পৰিবেশ সৃষ্টি কৰিছে।