মাটিৰ তলৰ চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ : ৭ জনক গ্ৰেপ্তাৰ...
মাটিৰ তলৰ চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ : ৭ জনক গ্ৰেপ্তাৰ...  
নগাঁও

মাটিৰ তলৰ চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ : ৭ জনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত নগাবন্ধাত শুকুৰবাৰে নিশা আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। নিশা জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাচনিৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ এটা দলে জুৰীয়াৰ নগাবান্ধাৰ পৰা এগৰাকী মহিলাসহ ছয়জনকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ড্ৰাগছসহ বহু সামগ্ৰী জব্দ কৰে।

নিশা আৰক্ষীৰ দলটোৱে নগাবন্ধা গাৱৰ ছাইফুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ বাসগৃহত চলোৱা অভিযানত মাটি তলত লুকুৱাই থোৱা পোন্ধৰটা চাবোনৰ বাকচ ভৰ্তি ১৯২ গ্ৰাম পৰিমাণৰ ড্ৰাগছৰ লগতে নগদ প্ৰায় ৩ লাখ টকা, ৩ খন মটৰ চাইকেল আৰু এখন ই-ৰিক্সা জব্দ কৰে। মাটিৰ তলত চেম্বাৰ নিৰ্মাণ কৰি চক্ৰটোয়ে আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷

ধৃত ড্ৰাগচ ব্যৱসায়ী কেইটা হ'ল আনাৰুল হুছেইন, ইনামুল হক, ছহিদুল ইছলাম, ছাইফুল ইছলাম, মাইনুদ্দিন আৰু জহুৰা খাতুন। আৰক্ষীয়ে ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক নগাঁও আদালতত হাজিৰ কৰোৱাই ৷