ড্ৰাগছ  সৰবৰাহকাৰী
ড্ৰাগছ সৰবৰাহকাৰী 
নগাঁও

বটদ্ৰৱাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাত বৃদ্ধি পাব ধৰিছে ড্ৰাগছৰ বেহা ৷ শেহতীয়াকৈ জিলাখনৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন কদমনি আৰু ভোমোৰাগুৰি শান্তিজানপাৰত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ তিনিটা কুখ্যাত বেপাৰী কৰায়ত্ত হোৱা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

সৰবৰাহকাৰী

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীৰ দলে পৃথকে পৃথকে অভিযান চলাইছিল । অভিযান চলাই আৰক্ষীয়ে কন্টেইনাৰ, নগদ ধন, ম’বাইল ফোন আৰু ১৭.৮৬ গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ সৈতে তিনিটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

জব্দকৃত সামগ্ৰী

ধৃত ড্ৰাগছ সৰাবাৰহকাৰী কেইজন হৈছে ভোমোৰাগুৰি শান্তিজান পাৰৰ লালচান্দ, কদমনিৰ হিবজুৰ ৰহমান আৰু ফইজুল হক ৷ আটকাধীন লোককেইজনৰ পৰা আৰক্ষীয়ে পৰা ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এ এছ-২১-জি ৮৩৮৮ নম্বৰৰ এখন স্কুটী জব্দ কৰিবলৈ সক্ষম হয় ৷

দীৰ্ঘদিনৰে পৰা জিলাখনৰ পশ্চিম প্ৰান্তৰ ভিতৰুৱা গ্ৰামাঞ্চলবোৰত ধৃত ড্ৰাগছ বেপাৰী তিনিটাই নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি জানিব পৰা গৈছে।