nagaon fertilizer
nagaon fertilizer 
অসম

নগাঁৱৰ কচুৱাত ৮০ বেগ চোৰাং সাৰ জব্দ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : নগাঁৱৰ কচুৱাত ৮০ বেগ চোৰাং সাৰ জব্দ কৰে আৰক্ষীয়ে। কচুৱা তিনিআলিত আৰক্ষীয়ে জব্দ কৰে সাৰখিনি। কাৰ্বি আংলং অভিমুখে যোৱা এখন ট্রাকৰ পৰা জব্দ কৰে সাৰখিনি।

উল্লেখ্য যে ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫০ বেগ ইউৰিয়া আৰু ৩০ বেগ ডিএপি সাৰ। ঘটনা সন্দৰ্ভত ট্রাকখনৰ চালক মোজামিৰ হুছেইনক আটক কৰিছে আৰক্ষীয়ে।ট্রাকখনৰ নং- AS02 BC 9825।