অসম

অসম-নগালেণ্ড সীমান্তত উত্তেজনা! মানুহ নাপাই জীৱ-জন্তুক হত্যা কৰি নগা দুৰ্বৃত্তৰ তাণ্ডৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ বৃহস্পতিবাৰে নিশা তিতাবৰ অসম-নগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। অসমৰ ভূমিত নগা দুৰ্বৃত্তই সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত ৩৬ ঘৰীয়াৰ তেতেলীতল অঞ্চলত ভদীয়া চুতীয়া নামৰ লোক জনৰ বাসগৃহত নিশা প্ৰায় ১২ বজাত ওচৰৰ লুংটাং বস্তিৰ পৰা অহা এটা নগাৰ দুৰ্বৃত্তৰ বৃহৎ দলে হাতত বন্দুক , চোকা অস্ত্ৰ আদি তাণ্ডৱ চলায়। প্ৰথমে কোনো অজ্ঞাত কাৰণত ভদীয়া চুতীয়াৰ পৰিয়ালটোক হত্যা কৰিবলৈ খেদি ফুৰে ।

পিছত ভদীয়া পৰিয়ালটোক নাপাই দলটোৱে ভদীয়া চুতীয়াৰ বাসগৃহত আক্ৰমন চলাই বাসগৃহ নষ্ট কৰে। লগতে ঘৰত থকা কুকুৰ , ছাগলী, হাঁহ, কুকুৰা মাৰি হত্যা যজ্ঞ চলায় নগাৰ বৃহৎ দলটোৱে। নিশা কোনোমতে এই দলটোৰ পৰা প্ৰাণ লৈ পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে ভদীয়া চুতীয়াৰ পৰিয়ালে। ঘটনাটোকলৈ সমগ্ৰ অঞ্চলটোত ব্যাপক উত্তেজনাই বিৰাজ কৰিছে।

আৰু পঢ়ক: মাষ্টাৰ চেফ ইণ্ডিয়াত অংশগ্ৰহণ ৩ গৰাকীকৈ অসমীয়াৰ...