অসম

বিশ্ব স্তনপান সপ্তাহঃ প্ৰথম দিনাই মুছলপুৰত বিশেষ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, মুছলপুৰঃ প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা। ৬মাহ বয়সলৈকে এটি শিশুক মাতৃদুগ্ধ পান কৰোৱাটো অতি আৱশ্যক। তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়। এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থে পালন কৰি অহা হৈছে বিশ্ব স্তনপান সপ্তাহ ৷

অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰতো পালন কৰা হয় বিশ্ব স্তনপান সপ্তাহৰ প্ৰথম দিনটো। এই উপলক্ষে সোমবাৰে মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত এখন সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভা শুভাৰম্ভ কৰে জিলা আয়ুক্ত মাচণ্ডা পাৰ্টিনে। তেওঁ কয় যে- আমি সকলো মাতৃকে সজাগ কৰিব লাগিব যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃত। মাতৃদুগ্ধই এটি শিশুক বহু ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্থ-সবল হিচাবে বাঢ়ি যোৱাত সহায় কৰে।

সেয়েহে প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয় । এন এইছ এমৰ জিলা সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তই আঁত ধৰা অনুষ্ঠানত জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দীপাংকৰ নাথ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মনোজ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সজাগতা মূলক বাৰ্তা দিয়ে। অৰ্ধশতাধিক মাতৃ-শিশু উপস্থিতৰে সম্পন্ন হয় বিশ্ব স্তনপান সপ্তাহৰ উক্ত অনুষ্ঠান ।