অসম

অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল মুছলপুৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মুছলপুৰ : বাক্সা জিলাৰ সদৰ মুছলপুৰত সোমবাৰে বাক্সা জিলাৰ অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে একগোট হৈ বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰচণ্ড গৰমকো নেওচি মহিলা সকলে প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

অঙ্গনবাড়ী কর্মী আৰু সহায়িকা সকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰক, মজুৰি দিব নোৱাৰালৈকে মাহিলি মাননি অতি কমেও ১০ হাজাৰ টকা আদায় দিয়াৰ বাজেট প্রস্তাৱ সংযোগ কৰক, নতুন শিক্ষানীতিৰ আধাৰত প্ৰাক প্ৰাথমিক শিক্ষা সংযোগ কৰিলে প্ৰতিগৰাকী কৰ্মী-সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰক, মিনি কেন্দ্র সমূহ পূর্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি মিনি কৰ্মীক পূৰ্ণাঙ্গ কৰ্মীৰ মৰ্যদা প্ৰদান কৰক ইত্যাদি দাবী জনায় কৰ্মী-সহায়িকা সকলে ।

এনে দাবীৰে সহস্ৰাধিক কৰ্মী একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰৰিশ্ৰমৰ মূল্য মাননি নহয়, মজুৰি আৰু চৰকাৰী কৰ্মচাৰীক স্বীকৃতী দিয়ক বুলি আকাশ-বতাহ কঁপাই তুলে প্ৰতিবাদী কৰ্মীসকলে ।