অসম

মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

asomiyapratidin

মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

ডিজিটেল সংবাদ মোৰাঝাৰ :  শুকুৰবাৰে নিশা মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চাৱাজপুৰ গাঁৱত সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত দহ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, শুৰুৰবাৰে নিশা আনুমানিক ৯ মান বজাত উত্তৰ চাৱাজপুৰ গাঁৱৰ বাসিন্দা ক্ৰমে ফকৰউদ্দিন আৰু আমিৰ হুছেইনৰ ঘৰত শ্বৰ্টচাৰ্কিটৰ ফলত জুইয়ে আগুৰি ধৰে । বিদ্যুৎৰ ওয়েৰ ফাটি জুইয়ে আগুৰি ধৰাত দুয়োটা বাসগৃহ অগ্নিয়ে গ্ৰাস কৰি লয়।

হঠাৎ ঘৰ দুটা জুইয়ে আগুৰি ধৰাত ঘৰৰ সদস্য কেইজন পলাই কোনো মতে প্ৰাণ ৰক্ষা কৰে। ইপিনে চিঞৰ বাখৰ শুনি ওচৰচুবুৰিয়া ৰাইজ দৌৰি আহি অগ্নি নিৰ্বাপনৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয় । ঘৰৰ ভিতৰত থকা কোনো ধৰণৰ সা সামগ্ৰী, আচবাব আদি উদ্ধাৰ কৰিবলৈ সক্ষম নহয় পৰিয়াল কেইটা । ফলত জৰুৰী নথি-পত্ৰ ,ব্যৱহাৰ যোগ্য সামগ্ৰী কিতাপ বহী আদি সম্পূৰ্ণ ৰূপে অগ্নিত জাহ যায় । দুয়োটা পৰিয়ালৰ প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ কথা প্ৰকাশ পৰিয়ালৰ লোকে।