সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী…

সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী…

ডিজিটেল ডেস্কঃ আবেলি গীতামন্দিৰৰ পাহাৰীয়া পথত সান্ধ্য ভ্ৰমণলৈ যায় নেকি? যদি যায় তেনেহ'লে সাৱধান হ'ব। পূৰ্বৰ দৰে দল বান্ধি সেই স্থানত সান্ধ্য ভ্ৰমণৰ আমেজ ল'বলৈ যোৱাৰ আগতে ৰাজ্যত যে কোভিড প্ৰট'ক'ল, সান্ধ্য আইন চলি আছে সেই কথা মনত ৰাখিব। শুকুৰবাৰৰ সন্ধিয়া সময়ত হঠাৎ আৰক্ষীয়ে এক বৃহৎ বাহিনীলৈ উপস্থিত হৈছিল গীতামন্দিৰত।

দীৰ্ঘদিন ধৰি গীতামন্দিৰৰ এই পথত কোভিড প্ৰট'ক'ল নামানি বহু লোকে দল বান্ধি সান্ধ্য ভ্ৰমণ কৰি আহিছে। এইবাৰ আৰক্ষীৰ চকুত পৰিল সেই সকল লোক। মূল গেটৰ পৰা কিছু দূৰ গৈয়েই এনেদৰে দল বান্ধি খোজকাঢ়ি থকা প্ৰায় ১০ জনীয়া এটা দলক আৰক্ষীয়ে ৰখালে। তাৰপাছত আৰক্ষীয়ে সেই দলটোত থকা প্ৰতিজন লোকৰে ঠিকনা সংগ্ৰহ কৰি তেওঁলোকক ভৱিষ্যতে এনে নকৰাৰ বাবে সতৰ্ক কৰি দিয়ে।

হঠাৎ গীতানগৰ থানাৰ এনে তৎপৰতা দেখি ভয়ো খালে দুই-এজনে। গুৱাহাটী মহানগৰীত নামতহে চলি আছে সান্ধ্য আইন। কেইটামান নিৰ্দিষ্ট স্থানত আৰক্ষীয়ে নাকাবন্দী লগাই নিয়মমাফিক তালাচী চলাই যদিও পূৰ্বৰ দৰে নাই কঠোৰ ব্যৱস্থাপনা। শুকুৰবাৰে পিছে শেনৰ এজাত হ'ল গীতানগৰ থানাৰ আৰক্ষী।

১৫ জুন, ২০২১ত হয়তো সলনি হ'ব কোভিডৰ প্ৰট'ক'ল। ১২ বজাৰ পৰিৱৰ্তে মহানগৰীত কোভিড সংক্ৰমণ কমিলে ২ বজালৈকে বৃদ্ধি কৰিব পাৰে দোকান খোলাৰ সময়। ১৫ জুনলৈ মাজত মাত্ৰ দুটা দিন। তেনে অৱস্থাতেই গীতানগৰ থানাৰ আৰক্ষীয়ে প্ৰদৰ্শন কৰিলে এই তৎপৰতা। ১৫ জুনৰ পাছত কি হ'ব সেই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তয়ো আৰক্ষী আৰু স্বাস্থ্য বিষয়া সকলৰ সৈতে শনিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব।

এক সূত্ৰৰ মতে, কামৰূপ মহানগৰত ২ বজাৰ পৰ্যন্ত দোকান পোহাৰ খোলাৰ বিপৰীতে পূৰ্বৰ এছ অ' পিয়ে কাছাৰ, তিনিচুকীয়া, নগাঁও, শোণিতপুৰ, ডিব্ৰুগড় বাহাল ৰখাৰ সম্ভাৱনা আছে। এই কেইখন জিলাত এতিয়াও হ্ৰাস পোৱা নাই কোৰোনাত আক্ৰান্তৰ সংখ্যা। মৰিগাঁও, গোলাঘাট, বৰপেটা, বিশ্বনাথতো সান্ধ্য আইন শিথিলতাৰ সম্ভাৱনা ক্ষীণ।

কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাসমূহত সান্ধ্য আইন শিথিল কৰা হ'ব বুলি অনুমান কৰা হৈছিল। দুই এদিনতে নতুন এছ অ' পি জাৰি কৰিব স্বাস্থ্য বিভাগে। তাৰ মাজতেই গীতানগৰত সান্ধ্য ভ্ৰমণলৈ যোৱা লোকৰ ওপৰত আৰক্ষীৰ এই তৎপৰতাই বিশেষ চৰ্চা লাভ কৰিছে। আৰক্ষীয়ে সান্ধ্য ভ্ৰমণকাৰীৰ পৰা পুনৰ তেনে কাম নকৰো বুলি স্বাক্ষৰ গ্ৰহণ কৰা বুলি সদৰী কৰিছে আৰক্ষীৰ সন্মুখীন হোৱা এজন ব্যক্তিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in