অসম

চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰ : পহিলা ব'হাগৰ দিনটোতে ঢোল -পেঁপা- গগনাৰ মাতত মুখৰিত হৈ পৰিল বৃহত্তৰ মথুৰাপুৰ অঞ্চল ৷ পৃৰ্বৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰবাসীৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবাৰো মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত চতুৰ্দশ বাৰ্ষিক মুকলি বিহু অনুষ্ঠিত কৰে ৷

দেওবাৰে পুৱা বিহু উদযাপন সমিতিৰ সভাপতি যুগল বৰগোহাঁই বিহুৰ পতাকা উত্তোলন কৰাৰ লগে লগেই ১৪গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১৪খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতেই ছহিদ তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য প্ৰতিযোগিতা, পৰম্পৰাগতভাৱে কণী যুঁজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

আনহাতে বিয়লি কেইবাটাও দলে হুঁচৰি আৰু জেংবিহু প্ৰদৰ্শন কৰে। উল্লেখ্যোগ্য যে, জাতি, জনগোষ্ঠী, ভাষা, ধৰ্ম, বৰ্ণ-নিৰ্বিশেষে সকলোৰে মাজত সমন্বয়, সম্প্ৰতি সদ্ভাৱৰ বান্ধোনডাল আৰু অধিক কটকটীয়া কৰি তোলাৰ উদ্দেশ্য প্ৰতিবছৰে ছাত্ৰ সন্থাই পহিলা ব'হাগৰ দিনটোতে সকলোকে একত্ৰিত কৰি মুকলি বিহু অনুষ্ঠিত কৰি আহিছে ৷