হাজোৰ পিছত ৰঙিয়াতো সাংসদ পুঁজিৰ পৰ্বতসম দুৰ্নীতি...
হাজোৰ পিছত ৰঙিয়াতো সাংসদ পুঁজিৰ পৰ্বতসম দুৰ্নীতি... 
অসম

হাজোৰ পিছত ৰঙিয়াতো সাংসদ পুঁজিৰ পৰ্বতসম দুৰ্নীতি...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ সাংসদ পুঁজিৰ দুৰ্নীতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সাংসদ পুঁজিৰ ধন ব্যৱহাৰত হাজোৰ পিছত ৰঙিয়াতো ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

বিষয়টোক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে হাজোত সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰে ৬ টা পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী বিশেষ দুৰ্নীতি নিবাৰক শাখাই।

ৰঙিয়া সমষ্টিটো স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজি(MPLAD)ৰ অধীনত সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনেৰে পথ নিৰ্মাণৰ নামত কেইবা লক্ষধিক টকা হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এক বিশেষ তথ্যৰ পৰা জানিব পৰা মতে, ৰঙিয়া সমষ্টিৰ ৫টাকৈ পথ নিৰ্মাণৰ নামত সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

ইয়াৰে ভিতৰত ৰঙিয়াৰ কৃষ্ণ মন্দিৰ পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ টকা, ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ নামত ১৫ লাখ, চেপ্তি-বিহদিয়া পথৰ পৰা নকুছি পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ, ১ নং তুলসীবাৰীৰ পৰা বঙালী চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, নকুছি পামহি পথৰ পৰা শৰ্মা চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ , খৈৰাবাৰী বড়ো চুবাৰ পৰা বসুমতাৰী চুবা পথ নিৰ্মাণৰ নামত ১৪ লাখ টকা আবণ্টন দিয়া হৈছে।

এই ক্ষেত্ৰত বিশেষকৈ নকুচি পামহি চুবাৰ পৰা শৰ্মা চুবালৈ যোৱা পথ আৰু ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ কামৰ কোনো অস্তিত্ব দেখিবলৈ পোৱা নাযায়। একাংশ গাঁওবাসীয়ে জনোৱা মতে, সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনেৰে কোনো ধৰণৰ পথ নিৰ্মাণৰ কাম হোৱা নাই।

এনে ধৰণৰ ব্যাপক হাৰত হোৱা দুৰ্নীতিক লৈ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। এইক্ষেত্ৰত উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।

অনুৰূপ ধৰণে বাকী পথসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো কোনো অস্তিত্ব নাই বুলি অভিযোগ উত্থাপিত হৈছে। স্থানীয় প্ৰশাসনৰ কোনো বিষয়াক নিৰ্মাণ সমিতিত জড়িত নকৰাতো আন এক বিচাৰ্যৰ বিষয় হৈ পৰিছে।

লগতে সাংসদ পুঁজিৰ ধনৰ এই কামসমূহৰ কোনো এটা ঠাইতে এখন ফলক পৰ্য্যন্ত আৰি থোৱা পৰিলক্ষিত হোৱা নাই। আনহাতে এই সাংসদ পুঁজিৰ ধনেৰে নিৰ্মিত একাংশ পথৰ নাম-ঠিকনাৰ অস্তিত্ব দেখিবলৈ পোৱা নাযায় । এই ক্ষেত্ৰত পৰবৰ্তী সময়ত চৰকাৰে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।