অসম

মোৰাঝাৰত ৰঞ্জিত বাহাদুৰ ধানৰ ফচল দেখি উৎফুল্লিত কৃষক...

Asomiya Pratidin

ডিজিটেল সংবাদ মোৰাঝাৰ : হোজাই জিলাৰ মোৰাঝাৰৰ কাষৰীয়া দীঘলজাৰ গাঁৱত আশানুৰূপ ভাবে উৎপাদন হৈছে ৰঞ্জিত বাহাদুৰ ধান । চলিত বছৰত ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত দীঘলজাৰ গাঁৱৰ বাসিন্দা মুজিবুৰ ৰহমান নামৰ কৃষকে চাৰি বিঘা ৰঞ্জিত বাহাদুৰ ধানৰ খেতি কৰিছিল।

সম্প্ৰতি ধান পকী অহাত ফচল দেখি উৎফুল্লিত হৈ পৰিছে খেতিয়ক ৰহমান। বিঘাই প্ৰতি ৩০ৰ পৰা ৩৫ মোণ ধান উৎপাদন হোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে। অসম কৃষি বিভাগৰ জৰিয়তে কৃষকলৈ আগবঢ়োৱা বীজ মুজিবুৰ ৰহমানক দিছিল কৃষি বিভাগে । কৃষি বিভাগে দিয়া ধানৰ বীজেৰে চাৰি বিঘা মাটিত ধান খেতি কৰিছিল ৰহমানে। বৃহৎ পৰিমাণৰ ফচল উৎপাদন দেখি লাভজনক কৃষি বুলি আখ্যা দিছে ৰহমানে।

কৃষকে ৰঞ্জিত বাহাদুৰ জাতৰ ধান খেতি কৰি নিশ্চয় স্বাৱলম্বী হব পাৰিব বুলি মত পোষণ কৰে মুজিবুৰ ৰহমানে। হোজাই কৃষি বিভাগে অকল বীজ আৰু পৰামৰ্শ প্ৰদান কৰিছিল। দৰিদ্ৰ কৃষক মুজিবুৰ ৰহমানে ধাৰ ঋণ লৈ খেতিত সাৰ আৰু দৰৱ প্ৰয়োগ কৰিবলগা হৈছিল। চৰকাৰে সাৰ আৰু কীটনাশক দৰৱ ও অন্যান্য সা সূবিধা প্ৰদান কৰিলে আমাৰ কৃষক সকল উপকৃত হ'ব বুলি আশা ব্যক্ত কৰিছে কৃষক মুজিবুৰ ৰহমানে।

আৰু পঢ়ক: নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰাক বিদ্যালয়