মৰিগাঁও

মায়ঙৰ বুৰাবুৰীত ড্ৰাগছসহ দুই যুৱকক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ং : মায়ঙৰ বুৰাবুৰীত ড্ৰাগছসহ দুই যুৱকক স্থানীয় কেইজনমান শিক্ষিত যুৱকে আটক কৰে। বুধবাৰে নিশা ড্ৰাগছৰ কনটেইনাৰসহ দুই যুৱকক আটক কৰে।

আটকাধীন যুৱক দুজনৰ নাম- চাইদুল ইছলাম আৰু ৱাছিম আক্ৰাম। দুয়োজনৰ ঘৰ মায়ঙৰ কুকুৱাৰী গাঁৱত বুলি জানিব পৰা গৈছে। লাহৰীঘাট থানাৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা সৰবৰাহ কৰিছিল জব্দ কৰা ড্ৰাগছখিনি।

ইয়াৰ পিচতে উক্ত যুৱক কেইজনে ঘটনা সন্দৰ্ভত মায়ঙৰ আৰক্ষীক খবৰ দিয়ে আৰু যুৱক দুজনক ড্ৰাগছখিনিৰ সতে চমজাই দিয়ে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল ধৃত যুৱক দুজনে।