মৰিগাঁও

শোণিতপুৰত অকাল মৃত্যু মায়ং থানাৰ উপ- পৰিদৰ্শক দ্বিজেন্দ্ৰ বৰাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং : কৰ্তব্যৰত অৱস্থাতে মৃত্যু মৰিগাঁও জিলাৰ মায়ং থানাৰ উপ-পৰিদৰ্শক দ্বিজেন্দ্ৰ বৰাৰ । মঙলবাৰে শোণিতপুৰ জিলাৰ মুছলিম চৰৰ উচ্চেদ অভিযানত কৰ্তব্যৰত অৱস্থাত উৎকট গৰমৰ ফলত উপ-পৰিদৰ্শক বৰাৰ মৃত্যু হয়।

কৰ্তব্যৰত আৰক্ষী বিষয়া বৰাই আন আৰক্ষীৰ দৰেই নিজৰ দায়িত্ব পালন কৰি আছিল যদিও প্ৰচণ্ড গৰমৰ বাবে হঠাতে প্ৰেচাৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ মাটিত ঢলি পৰে ৷ উক্ত সময়ত মুছলিম চৰত শোণিতপুৰ আৰু মৰিগাঁও জিলাৰ যৌথ প্ৰচেষ্টাত উচ্ছেদ অভিযান চলি আছিল ৷

উচ্ছেদস্থলীৰ পৰা ততাতৈয়াকৈ তেজপুৰ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে যদিও আৰক্ষী বিষয়া বৰাই অকাল মৃত্যুক আকোৱালি লয়। প্ৰয়াত দ্বিজেন বৰাৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এবছৰ পূৰ্বে মৰিগাঁও জিলাৰ মায়ং থানাত যোগদান কৰি নিজৰ কৰ্তব্য পালন কৰি আছিল। আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত মায়ং থানাৰ আৰক্ষী বিষয়া আৰু সতীৰ্থসকলে শোক প্ৰকাশ কৰে।