ৰঞ্জীৱ শৰ্মা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সভাপতি নিৰ্বাচিত
ৰঞ্জীৱ শৰ্মা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সভাপতি নিৰ্বাচিত  
মৰিগাঁও

ৰঞ্জীৱ শৰ্মা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সভাপতি নিৰ্বাচিত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অগ্ৰণী দুগ্ধ উৎপাদক সমবায় সমিতিৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেড (Sitajakhala Dugdha Utpadak Samabai Samiti Ltd)ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰঞ্জীৱ শৰ্মা (Ranjib Sharma)। ৫ বছৰীয়া কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হৈছে শৰ্মা।

উল্লেখ্য যে, সমবায় সমিতিখনৰ ১৬ জনীয়া কাৰ্যকৰী সদস্যই নিৰ্বাচনী প্ৰক্ৰিয়াৰে ৰঞ্জীৱ শৰ্মা(Ranjib Sharma)ক পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আনহাতে নতুন কাৰ্যকালৰ বাবে নিৰ্বাচিত কাৰ্যকৰী সদস্যসকল ক্ৰমে অৰ্জুন উপাধ্যায়, বুলেন পাতৰ, ধ্ৰুৱ বজগাই, গংগা অধিকাৰী, লক্ষী মহন্ত, ছবিলাল শৰ্মা, বাবুল চেত্ৰী, কেদাৰ বৰাল, নৱদীপ মণ্ডল, হেমন্ত মজুমদাৰ, তপন কুমাৰ দেউৰী, মনেশ্বৰ পাতৰ, বিজু দেৱী আৰু বাসন্তী বড়ো।

স্মৰ্তব্য, মধ্য অসমৰ মৰিগাওঁ জিলাত ১৯৫৮ চনতেই স্থাপন কৰা হৈছিল সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি। এই সমবায় সমতিখনে গৌৰৱোজ্জ্বল ৬৫ টা বছৰ অতিক্ৰম কৰিলে।

এই সমবায় সমিতিখনৰ লগত এতিয়া ৬৫০ ৰো অধিক দুগ্ধপালক জড়িত হৈ আছে। নন্দলাল উপাধ্যায়ৰ নেতৃত্বত ১৪ জন সদস্যৰে ইয়াৰ প্ৰথমখন সমিতি গঠন কৰা হৈছিল।

সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেড(Sitajakhala Dugdha Utpadak Samabai Samiti Ltd) ৰ সৈতে এতিয়া প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে কেইবা হাজাৰ পৰিয়াল জড়িত হৈ আছে আৰু তেওঁলোকৰ সংস্থাপনৰ বাট মুকলি কৰি দিছে। বছৰি ১৬ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰা এই দুগ্ধ উৎপাদক সমবায় সমিতিখনে কেৱল মৰিগাওঁ জিলাৰেই নহয় বৰঞ্চ সমগ্ৰ অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক গ্ৰগতিৰ দিশত যথেষ্ট অৰিহণা আগবঢ়াইছে।