মৰিগাঁও

চৰকাৰী বিদ্যালয়ৰ দুৰ্দশা : মাত্ৰ ৪জন শিক্ষকেই পাঠদান কৰি আছে ১৪০গৰাকী ছাত্ৰ-ছাত্ৰীক

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়ৰ শিক্ষকক স্কুতি দিয়াৰ কথা ঘোষণা কৰি একাংশ শিক্ষকৰ সমৰ্থন আদায়ৰ চেষ্টা চলাইছে ঠিক তেনে সময়তেই পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষা খণ্ডৰ কিছুমান পুতৌলগা আৰু দুখ লগা ছবি।

মায়ঙৰ খলনি মধ্য ইংৰাজী বিদ্যালয়ত ১৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ ৪জন শিক্ষক। বিদ্যালয়খনৰ ৮টাকৈ শ্ৰেনীত পাঠদান দিব লগা হৈ আছে ৪জন শিক্ষকে। তদুপৰি ইয়াৰে ২জন ১০ হাজাৰ টকীয়া টিউটৰ।

২০২২ চনত খলনি প্ৰাথমিক বিদ্যালয়ৰ সতে ১০০ মিটাৰ ওচৰতে থকা মধ্য ইংৰাজী বিদ্যালয়খন সংলগ্ন কৰি দিয়াৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। কাৰণ বিদ্যালয়ৰ আন্তঃগাঠনি অতি দুৰ্বল। প্ৰাথমিক বিদ্যালয়ৰ দুটা কোঠাতে ৮টা শ্ৰেনীৰ ১৪০ গৰাকী ছাত্ৰ ছাত্ৰীক পাঠদান দিয়াটো মুস্কিল হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ বাবে।

তাৰোপৰি এসপ্তাহ পূৰ্বে এগৰাকী শিক্ষয়িত্ৰী সংগীতা দুৱৰাক যোৰহাটলৈ বদলি কৰা হৈছে। বৰ্তমান সময়ত বিজ্ঞান, অংক আৰু হিন্দী শিক্ষক নোহোৱাকেই চলি আছে বিদ্যালয়খন।

১৯৮০ চনতে নিৰ্মাণ কৰা বিদ্যালয়ৰ পুৰনি গৃহটো জহি-খহি গৈছে। য'ত দুটাকৈ ভোট কেন্দ্ৰ আছে, সেই বিদ্যালয়ৰে ইমান শোচনীয় অৱস্থা।

উল্লেখ্য যে, সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা বিদ্যালয়খনৰ পুনৰ নিৰ্মাণৰ কোনো পদক্ষেপ লোৱা হোৱা নাই। এতিয়া শিক্ষক আৰু অভিভাৱকসকলে শিক্ষকৰ সমস্যা দূৰ কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান দিব পৰাকৈ বিদ্যালয়খনত এটা সুস্থ পৰিবেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ আগত দাবী জনাইছে।