মৰিগাঁও

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মায়ং, শিলচৰত, চৰাইদেউতো উদযাপন লাচিত দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে মায়ঙতো মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত, মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত সংগ্ৰহালয়ৰ লাচিত সভাকক্ষত 'লাচিত দিৱস' উদযাপন কৰা হয়। এই উপলক্ষে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়।

মৰিগাঁও জিলা প্ৰশাসনৰ হৈ সভাত উপস্থিত থকা মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে সভাখনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। তাৰ পাছতে শিল্পী বিপুল ডেকাৰ নেতৃত্বত স্থানীয় শিল্পীসকলে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ 'মই লাচিতে কৈছোঁ ' শীৰ্ষক কালজয়ী গীতটি পৰিবেশন কৰে।

মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ প্ৰতিস্থাপক সম্পাদক ড০ উৎপল নাথে আঁত ধৰা সভাখনত উপস্থিত থকা ৰাইজক উদ্দেশ্যি লাচিত দিৱস উদযাপনৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে অনলাইন যোগে ব্যক্তব্য আগবঢ়ায় মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। বীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম, শৌৰ্য-বীৰ্যৰ লগতে শৰাইঘাট যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ সৈতে ঐতিহাসিক মায়ং অঞ্চলৰ কাজলী চকী আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্হিত হিলৈখুন্দা পাহাৰৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰি নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ প্ৰতিস্থাপক সভাপতি লোকেন্দ্ৰ হাজৰিকাই। সভাত চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ফণীভষণ নাথেও বক্তব্য আগবঢ়াই লাচিত বৰফুকনৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰি ভাষণ আগবঢ়ায়।

মায়ঙত 'লাচিত দিৱস' উদযাপন

হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত শিলচৰত কেন্দ্ৰীয় ভাবে লাচিত দিৱস পালনঃ

শিলচৰতো আজি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ অসমৰ উদ্যোগত ৪০১সংখ্যক কেন্দ্ৰীয় লাচিত দিৱস দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। এই লাচিত দিৱস উপলক্ষে শিলচৰত এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

গান্ধী ভৱনৰ পৰা উলিওৱা এই শোভাযাত্ৰাত বাঙালি, মনিপুৰী, বিষ্ণুপ্ৰিয়া মনিপুৰী,ডিমাছা অসমীয়া সহ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে নিজস্ব বেনাৰ আৰু পৰম্পৰা সাজ পিন্ধি অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ লক্ষীমপুৰ আৰু তিনিচুকীয়া জিলাৰ দুটা বিহু দলেও অংশগ্ৰহণ কৰে।

শিলচৰত লাচিত দিৱস

চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি শোভাযাত্ৰা পুনৰ গান্ধী ভৱনত উপস্থিত হয়। লাচিত দিৱসৰ জৰিয়তে বৰাক- আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত ভাতৃত্ববোধ দুগুণ বৃদ্ধি হ'ব বুলি মন্তব্য কৰে পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সা :সম্পাদক মাধৱ দাসে।

চৰাইদেউত বীৰ লাচিত বৰফুকনক স্মৰণ কৰি আটাছুৰ বন্তি প্ৰজ্বলন :

শুকুৰবাৰে সন্ধিয়া ঐতিহাসিক চৰাইদেউতো অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰা হয়। এই উপলক্ষে সন্ধিয়া প্ৰায় ৫.৩০ বজাতসদৌ তাই আহোম ছাত্ৰ সন্হা চমুকৈ আটাছু চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ প্ৰৱেশ কৰা শ-নিয়া তিনিআলিত বীৰ লাচিত বৰফুকনৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পনেৰে তেওঁক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰা হয়।

চৰাইদেউত বীৰ লাচিত বৰফুকনক স্মৰণ কৰি আটাছুৰ বন্তি প্ৰজ্বলন :

বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰি সোণাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ ইয়াৰ পিচতেই আটাছু কৰ্মীসকলে শ-নিয়া আলিৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰে৷