মৰিগাঁও

বুৰাবুৰী এফ পি চি ৰ কাৰ্যালয় গৃহৰ শুভ উদ্বোধন...

Asomiya Pratidin

প্ৰতিদিন সেৱা, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী পঞ্চায়তৰ খলাভূঞাত বৃহস্পতিবাৰে কৃষকৰ কল্যাণৰ বাবে নতুন এফ পি চি এখন গঠন কৰা হয় ।

গাওঁ পঞ্চায়তৰ সভানেত্ৰী মমতা ভৌমিকৰ সভাপতিত্বত  অনুষ্ঠিত হোৱা সভা খনত এফ পি চি আৰু এফ আই জি গঠনৰ উদ্দেশ্য, লক্ষ্য আৰু ইয়াৰ প্ৰয়োজনীয়তা কি সেই দিশ সমুহৰ ওপৰত বিশদ আলোচনা হয় ৷ লগতে নতুনকৈ গঠন কৰা বুৰাবুৰী এফ পি চি ৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয় ।

এফ পি চি সন্দৰ্ভত উপস্থিত কৃষক ৰাইজৰ সন্মুখত ভাষণ ৰাখে ঝাৰগাঁও কৃষি  বিজ্ঞান  কেন্দ্ৰৰ জ্যেষ্ঠ  কৃষি  বিজ্ঞানী ড০ ৰিজুস্মিতা  শৰ্মা  ডেকা, চপ্তা দীপা ভট্ৰাচাৰ্য্য, ৰজা মায়ঙৰ কৃষি উন্নয়ন বিষয়া মেহদি আৰিফ হুছেইন,সাংবাদিক নজৰুল ইছলাম, চৰকাৰী গাঁওপ্ৰধান ওচমান আলী,যুৱ সমাজ কৰ্মী ছামছুদ্দিন  আহমেদ, বাবুল চন্দ্ৰ দাস,হাজী আব্দুল কাদিৰ, আৰু প্ৰধান  মন্ত্ৰী ফচল যোজনা, প্ৰধান  মন্ত্ৰী কৃষি  জলসিঞ্চন যোজনাৰ কৰ্মকৰ্তা  সকলে ।

পিছপৰা বানাক্ৰান্ত অঞ্চলটোৰ কৃষক ৰাইজৰ অভাৱ আৰু সমস্যা বোৰ ভাষণত দাঙি ধৰাৰ লগতে কিদৰে এফ পি চি গঠন কৰি কৃষক ৰাইজ লাভাম্বিত হব পাৰিব সেই সন্দৰ্ভত বহুমূলীয়া পৰামৰ্শ আগবঢ়াই ।

আজিৰ সভাত খনত কৃষি সম্প্ৰসাৰণ বিষয়া প্ৰণয় নাহা, নিৰেণ ডেকা, গৰৈমাৰী এফ পি চি, সোণতলি  এফ  পি চি, আৰু ৰজা মায়ঙৰ আদৰ্শ এফ পি চি ৰ কৰ্মকৰ্তা সকলৰ লগতে কুৰানীবৰী গাঁও পঞ্চায়তৰ সভাপতি মলয় ৰয় উপস্থিত  থাকে । বুৰাবুৰী এফ পি চিৰ সঞ্চালক মণ্ডলী আব্দুৰ ৰহিম আৰু চামিমুল ছাত্তাৰে সভা খন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উদ্যোগ লয়।