স্বাস্থ্য পৰীক্ষা শিবিৰ
স্বাস্থ্য পৰীক্ষা শিবিৰ 
মৰিগাঁও

মায়াঙত বিশ্রাম ঘৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ স্বেচ্ছাসেৱী সংগঠন বিশ্রাম ঘৰৰ উদ্যোগত আৰু নাৰেংগী ই জি নাৰ্ছিং হোম প্ৰাইভেট লিমিটেডৰ সহযোগত সোমবাৰে বুঢ়া মায়ং জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে ।

মৰিগাঁও জিলাৰ উপযুক্ত দেবাশীষ শৰ্মাই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে ।

উয়াযুক্তগৰাকীয়ে উদ্ধোধন কৰি দিয়া ভাষণত কয় যে তামোল আৰু গোটখা সেৱন কৰাৰ বাবেই মৰিগাঁওৰ বহুতো লোক কৰ্কট ৰোগত আক্ৰাক্ত হৈছে ।

সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে গোটখা সেৱন কৰে বুলি উল্লেখ কৰি জিলাখনৰ উপাযুক্তগৰাকীয়ে সৰ্বসাধাৰণ ৰাইজক গোটখা আৰু তামোল সেৱন বন্ধ কৰিবলৈ আহ্বান জনায় ।

শ্ৰমিক দিৱসৰ তাৎপৰ্য বাখ্যা কৰি উপযুক্ত দেবাশীষ শৰ্মাই কয় যে মৰিগাঁও জিলাৰ সকলো নাগৰিক শ্ৰমজীৱী হোৱাৰ বাবেই মৰিগাঁও জিলা ধাপে ধাপে উন্নয়নৰ শিখৰত আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে ।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ কৰাৰ পূৰ্বেই স্বেচ্ছাসেৱী সংগঠন বিশ্রাম ঘৰৰ সভাপতি তথা জি এল পাব্লিকেশনৰ মহা প্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে আত ধৰে।

উক্ত সভাখনত নাৰেঙ্গীৰ ‘ই জি নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী ডাঃ হীৰেন কলিতা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ডাঃ খগেন্দ্ৰ নাৰায়ণ বৰুৱা, ডাঃ জয়শ্রী চেতিয়া, ডাঃ ৰাণা দাস, ডাঃ প্ৰাঞ্জল ভৰালী, ডাঃ নিয়হাজ কুমাৰ ডেকা, শৈল্য চিকিৎসক ডাঃ ধৰণী তালুকদাৰ, ডাঃ দথী ভড়ালী, সমাজ কৰ্মী দ্বীপেন কাঠাৰ উপস্থিত থাকে ।

শিবিৰত নাৰেঙ্গীৰ ‘ই জি নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী ডাঃ হীৰেন কলিতাই মৰিগাঁও জিলাৰ উপযুক্ত দেবাশীষ শৰ্মাৰ স্বাস্থ্য পৰীক্ষা কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত চিকিৎসকসকলে কেইবা শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়াই বিনামূলীয়া কৈ ওষধ পাতি বিতৰণ কৰে ।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলাত স্বেচ্ছাসেৱী সংগঠন বিশ্রাম ঘৰৰ সভাপতি তথা জি এল পাব্লিকেশনৰ মহা প্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।