অসম

হাতত পল লৈ বিলত বিধায়ক পদ্ম হাজৰিকা...

Asomiya Pratidin

ডিজিটেল সংবাদ: কন্যকা পৰিয়ালৰ সদস্যৰ সৈতে হাতত পল লৈ পুখুৰীত মাছ মৰাৰ আনন্দ ল’লে বিধায়ক পদ্ম হাজৰিকাই ৷ হাতত পল লৈ মাছ মৰাত ব্যস্ত চতিয়াৰ বিধায়ক গৰাকী ৷ পলত ৩ কে:জি: ওজনৰ পৰা ৭ কে:জি: ওজনৰ মাছ ধৰি উৎফুল্লিত হৈ পৰাৰো পৰিলক্ষিত হয়৷

অসমীয়াৰ প্ৰতিটো বিহুৰ কেইদিনমান আগৰপৰা পৰম্পৰাগত ভাৱে পল মাৰি মাছ ধৰাৰ সংস্কৃতি আৰম্ভ কৰিছিল বিধায়কগৰাকীয়ে ৷ সেই পৰম্পৰা ক্ষুন্ন ৰখাক উদ্দেশ্যেৰে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কন্যকা পৰিয়ালৰ সদস্য সকলে হাতে হাতে পল লৈ পুখুৰীত মাছ মৰা দেখা গ'ল ৷

বিধায়কগৰাকীক এক ব্যতিক্ৰমী ৰূপত মুৰত গামোছাৰ পাগুৰি মাৰি হাতত পল লৈ সংগীৰ সৈতে সোমবাৰে ওৰেতো দিন পানীত নামি মাছ ধৰাত ব্যস্ত দেখা যায়। কন্যকা কৃষি পামৰ পুখুৰী তথা বিলসদৃশ পিতনিত নামি বিধায়কগৰাকীয়ে বিহু গাই গাই আনন্দ মনে মাছ ধৰা কাৰ্যত বহু লোকে সংগ দিয়ে।

শ’ল, মাগুৰ, বাহু, ভকুৱা, ৰৌ, গ্ৰাচকাপ, কমনকাপকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছৰ প্ৰায় ৩ কে:জি:ৰ পৰা ৭ কে:জি: ওজনৰ মাছে ধৰা দিয়ে বিধায়ক গৰাকীৰ পলত। উৎসৱমুখৰ পৰিৱেশৰ মাজত বিহুৰ প্ৰাকক্ষণত এইদৰে আৰম্ভ কৰা পল মৰা সংস্কৃতিত পলহত ধৰা মাছৰে দুপৰীয়া কন্যকাৰ কাননত আয়োজন হয় ভোজ ভাতৰ।

অসমীয়া গ্ৰাম্য সমাজৰ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটা এই পল মৰা প্ৰথাক এগৰাকী জনপ্ৰতিনিধিয়ে বিহুৰ প্ৰাকক্ষণত নিজে পলহ মাৰি জীয়াই ৰাখিবলৈ কৰা প্ৰয়াসক ইতিবাচক দিশ বুলিয়েই বিবেচিত কৰে স্থানীয় লোকে৷