অসম

একালত শিক্ষকতা কৰা শিক্ষানুষ্ঠানত উপস্থিত হৈ নষ্টালজিক হ'ল বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বৃহস্পতিবাৰে পুৱা গুণোৎসৱ উপলক্ষে চৰাইদেউ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বৰহোলা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়। এসময়ত শিক্ষকতা কৰা আপোন বিদ্যালয় খনত উপস্থিত হৈ বিধায়কগৰাকী নষ্টালজিক হৈ পৰে।

উল্লেখযোগ্য যে একালৰ সতীৰ্থ শিক্ষকগৰাকীক আজি বিধায়ক হিচাবে বিদ্যালয়খনিত সাক্ষাৎ পাই শিক্ষক শিক্ষয়িত্ৰীসকল আবেগিক হৈ পৰে। বিধায়কগৰাকীয়ে পৰিদৰ্শন কালত বিদ্যালয়খনৰ শিক্ষক,শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ লগতে অভিভাৱকসকলৰ লগত মত বিনিময় কৰে।

চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰি মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ লগতে অসম চৰকাৰক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। উক্ত সময়ছোৱাত বিদ্যালয়খনিত উপস্থিত আছিল মূল্যাংকন পৰিদৰ্শক কামৰুজ জামান, লাইচন বিষয়া ৰজনী বৰুৱা, প্ৰধান শিক্ষক নীলমণি বৰগোহাঁইৰ লগতে সহ শিক্ষক,শিক্ষয়িত্ৰীসকলৰ উপৰিও, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু অভিভাৱক, অভিভাৱিকাসকল।

অভিভাৱকসকলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উক্ত বিদ্যালয়খনত নিজ হাতেৰে গছ আৰু বিভিন্ন ফুলগছ ৰোপন কৰি সুন্দৰকৈ সজোৱাৰ উপৰিও পিতৃ তীক্ষ্ণধৰ কোঁৱৰৰ স্মৃতিত তোৰণ আৰু এটা মুকলি মঞ্চ ব্যক্তিগতভাৱে সাজি দিয়া বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।