ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পুনৰবাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ভূঁই ৰুলে শ শ ৰোৱনীৰ লগত৷ বিধায়কগৰাকীৰ উদ্যোগত সমষ্টিৰ ভিত্তিত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ জৰিয়তে ধানখেতি কৰা কাৰ্যৰ এয়া দ্বিতীয় পৰ্যায়৷
শুকুৰবাৰে ১নং তাতিবাহাৰৰ দৈশিঙাবৰীত ৫০ বিঘা চৰকাৰী কৃষি ভূমিত ৰোৱা হৈছে ভূঁই৷ কেইবা শতাধিক পুৰুষ-মহিলাই একেলগে ভূঁই ৰোৱাত নামিল৷ ভূঁই ৰুই ৰোৱনীক সহযোগিতা আগবঢ়ালে বিধায়কগৰাকীৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলেও৷
আৰু পঢ়ক : ৰাজ্যৰ ভিন্ন প্ৰান্তত "লোক কল্যাণ দিৱস" উদযাপন, চিৰাঙৰ সুদীশ বি. মাৰাকলৈ 'লোক সেৱা বঁটা'…