ৰাজ্যৰ ভিন্ন প্ৰান্তত “লোক কল্যাণ দিৱস” উদযাপন, চিৰাঙৰ সুদীশ বি. মাৰাকলৈ ‘লোক সেৱা বঁটা’…

ৰাজ্যৰ ভিন্ন প্ৰান্তত “লোক কল্যাণ দিৱস” উদযাপন, চিৰাঙৰ সুদীশ বি. মাৰাকলৈ ‘লোক সেৱা বঁটা’…

ডিজিটেল সংবাদ, চিৰাং : লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি উপলক্ষ্যে সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত "লোক কল্যাণ দিৱস-২০২২" উদযাপন কৰা হয়। শকুৰবাৰে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি "লোক কল্যাণ দিৱস-২০২২" শুভাৰম্ভ কৰে জিলা উপায়ুক্ত পি.বিজয় ভাস্কৰ ৰেড্ডীয়ে। "লোক কল্যাণ দিৱস"ৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা "লোকসেৱা বঁটা-২০২২" প্ৰদান কৰা হয় জিলা উপায়ুক্ত কাৰ্যালয়ৰ তদাৰকী সহায়ক তথা কৰ্তব্যনিষ্ঠা চৰকাৰী কৰ্মচাৰী সুদীশ বি.মাৰাকক।

ৰাজ্য চৰকাৰৰ হৈ উপায়ুক্ত পি.বিজয় ভাস্কৰ ৰেড্ডীয়ে "লোকসেৱা পুৰস্কাৰ-২০২২" প্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সুদীশ বি.মাৰাকক এখন আৰনাই আৰু প্ৰশস্তিপত্ৰ প্ৰদান কৰে। চিৰাং জিলাৰ ২০০৪ চনত উপায়ুক্ত কাৰ্য্যালয়ত কণিষ্ঠ সহায়ক হিচাপে যোগদান কৰি নিজকে এজন কৰ্তব্যপৰায়ণ চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল মাৰাক।

পৰবৰ্তী সময়ত দুবাৰকৈ পদোন্নতিৰে সুদীশ বি.মাৰাকে বৰ্তমান চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত তদাৰকী সহায়ক হিচাপ কৰ্মৰত অৱস্থআত আছে। শুকুৰবাৰে "লোকসেৱা পুৰস্কাৰ-২০২২" লাভ কৰি সুদীশ বি. মাৰাকে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু চৰকাৰৰ এই পদক্ষেপে আগলৈ চৰকাৰী কৰ্মচাৰী সকলক নিষ্ঠাৰে কাম কৰিবৰ বাবে অনুপ্ৰেৰণা জগাব বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in