অসম

ৰঙিয়াত মিছন বসুন্ধৰাৰ ভূমি পট্টা প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত দেওবাৰে ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰাৰ ২.০ ৰ অধীনত ভূমি পট্টা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় । ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আবেলি ৩:৩০ বজাত অনুষ্ঠিত হোৱা ভূমি পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোন সাৰ্থক প্ৰচেষ্টা আৰু ভূমি পট্টা ক্ষেত্ৰত ৰাজ্যত ভূমি অধিকাৰৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণ কথা লৈ ভাষণ প্ৰদান কৰে ।

উল্লেখ্য যে এই ভূমি পট্টা প্ৰদানৰ অনুষ্ঠানত ৮৭৩ গৰাকী ব্যক্তিক ভূমি পট্টা প্ৰদান কৰা হয় । আনহাতে এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই উপস্থিত থাকি খিলঞ্জীয়া লোকসকলৰ বাবে ভূমিৰ অধিকাৰ প্ৰদান কৰা পদক্ষেপে ভূমিজনিত সমস্যাৰ সমাধান আৰু সামাজিক সমতা সৃষ্টিৰে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰে বুলি ভাষণ আগবঢ়ায় ।

ইফালে অনুষ্ঠানত ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পালকে ধৰি কেইবাগৰাকীও দলীয় কাৰ্যকতা আৰু স্থানীয় ৰাইজে উপস্থিত থাকে । ইয়াৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰীৰ মত কী বাত এক শীৰ্ষক অনুষ্ঠানত ৰঙিয়াৰ গুইয়াত স্থানীয় ৰাইজৰ সৈতে বুথবৃন্দকলৈ বিধায়ক ভৱেশ কলিতা আৰু বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰদীপ ঠাকুৰীয়াই পুৱা অংশ লয় ।