অসম

গোলাঘাটৰ কাবৰুগাঁৱত সুৰাসক্ত আৱকাৰী কনিষ্টবলৰ তাণ্ডৱ…

asomiyapratidin

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ আৱকাৰী বিভাগৰ লয়িং উপাধীৰ কনিষ্টবল জনে সুৰাৰ ৰাগিত মতলীয়া হৈ শুকুৰবাৰে নিশা কাবৰুগাঁৱত তাণ্ডৱ সৃষ্টি কৰে ৷ নিশা অতিপাত সুৰা সেৱন কৰি এখন স্কুটিৰে গৈ উপস্থিত হয় কাবৰুগাঁৱত ৷ গাওঁখনৰ টুটুমণি শইকীয়া নামৰ মহিলাগৰাকীৰ ঘৰত এটা এয়াৰগানসহ উপস্থিতহৈ লয়িংয়ে গোৰ মাৰে ৷

আতংকিত গৃহস্থই দোৱাৰ খুলি ওলাই আহে আৰু স্থানীয় ৰাইজৰো সমাগম হয়। ইয়াৰ পিছত আৰক্ষী আহি সুৰাপায়ী কনিষ্টবলজনক থানালৈ লৈ যায়। যাবৰ সময়ত আৱকাৰী কনিষ্টবল লয়িঙে ভাবুকী দি যায় গৃহস্থক ৷ ইফালে পুৱতি নিশা পুনৰ এখন স্কুটি আৰু এখন গাড়ী কিছুসময়ৰ বাবে ৰখোৱা হয় টুটুমণিৰ ঘৰৰ সন্মুখত ৷ ইয়াৰ পিছত আতৰি যায় অচিনাক্ত লোক ৷ সম্প্ৰতি আতংকিত হৈ আছে পৰিয়ালটো।