শনিবাৰে শনি লাগিল ৰাজ্যত ! পুৱাৰে পৰা আহিছে কেৱল মৃতদেহ উদ্ধাৰৰ খবৰ…

শনিবাৰে শনি লাগিল ৰাজ্যত ! পুৱাৰে পৰা আহিছে কেৱল মৃতদেহ উদ্ধাৰৰ খবৰ…

ডিজিটেল ডেস্কঃ শনিবাৰে শনি লাগিছে ৰাজ্যত। পুৱাৰে পৰা বৰ্তমানলৈকে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত উদ্ধাৰ হৈছে বহু কেইজন লোকৰ মৃতদেহ। ইয়াৰে বহু কেইটা মৃতদেহ চিনাক্ত কৰা হৈছে যদিও কিছু সংখ্যকৰ চিনাক্তকৰণ এই পৰ্যন্ত হোৱা নাই।

গুৱাহাৱাটী চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কাষত শনিবাৰে পুৱাই উদ্ধাৰ হয় এজন যুৱকৰ এটা মৃতদেহ। মুখে আৰু নাকেৰে ফেন বাহিৰ থৈ থকা যুৱকজনে অত্যাধিক ড্ৰাগছ সেৱন কৰি এই দৰে মৃত্যুক সাৱটি লোৱাৰ আশংকা কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে। পৰৱৰ্তী সময়ত এই যুৱকজন নুনমাটিৰ ছৰিফুল আলী বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰ উপৰিও কলিয়াবৰ, লংকা, ডবকা আদিতো উদ্ধাৰ হৈছে মৃতদেহ। বৰপেটাত আকৌ ন-বোৱাৰীৰ ফাঁচি লোৱাৰ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ। কলিয়াবৰৰ শালনাত উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী বোৱাৰীৰ। ৰে'ল লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো। স্থানীয় ৰাইজে মৃতদেহটো শালনা চাহ বাগিচাৰ চান্দিনী তাঁতীৰ বুলি চিনাক্ত কৰা হৈছে। ৰে'লৰ খুন্দাত বোৱাৰীগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ।

আনহাতে লংকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে আন এজন যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো শংকৰ মালাকৰ নামৰ যুৱকজনৰ বুলি চিনাক্ত কৰা হৈছে। লংকা থানাৰ সন্মুখত এখন নম্বৰপ্লেটবিহীন বাইকসহ উদ্ধাৰ হৈছে শংকৰৰ মৃতদেহটো। কিদৰে তেওঁৰ মৃত্যু হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

লখিমপুৰটো উদ্ধাৰ হৈছে এটা মৃতদেহ। লখিমপুৰৰ চৰাই মৰীয়াত উদ্ধাৰ হোৱা এই মৃতদেহটো পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে। জানিব পৰা মতে মৃতদেহটো দিলীপ বৰা নামৰ এজন লোকৰ। আনহাতে বৰপেটাত তিনি মাহ পূৰ্বে ঘৰৰ অমতত পলাই গৈ বিবাহ পাশত অবদ্ধ হোৱা এগৰাকী ন-বোৱাৰীৰ মৃতদহো উদ্ধাৰ কৰা হৈছে। ফাঁচি লৈ আত্মহত্যা কৰা বোৱাৰীৰ গৰাকীৰ এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোক।

ইফালে ডবকাত যমুনা নৈত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতহেদটো এগৰাকী কাৰ্বি জনগোষ্ঠীয় লোকৰ হ'ব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় লোকে। এটা হাফপেণ্ট আৰু টি-চাৰ্ট পৰিহিত ব্যক্তিজনক কোনোবাই হত্যা কৰি নদীত পেলাই দিছে নে দুৰ্ঘটনাবশত নদীত পৰি মৃত্যু হৈছে নে বান পৰিস্থিতিত পৰি তেওঁ এইদৰে মৃত্যুক সাৱটি লৈছে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in