অসম

বিটিচিৰ পাৰিষদ তথা ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীৰ চিৰাঙৰ বাসগৃহত ক'লা পতাকা আৰু ভাবুকি ভৰা পোষ্টাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ গৰুভাষা স্থিত বিটিচিৰ মনোনীত পাৰিষদ তথা ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীৰ বাসগৃহত প্ৰত্যক্ষ হ'ল ক'লা পতাকা তথা ভাবুকি ভৰা পোষ্টাৰ । আজি ৰাতিপুৱাৰ ভাগত ৰাইজে মাধৱ ছেত্ৰীৰ গৰুভাষাৰ বাসগৃহত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ নামত ক'লা পতাকা উত্তোলন আৰু দুখনকৈ ভাবুকি ভৰা পোষ্টাৰ আঁৰি দিয়াৰ ঘটনা সংঘটিত হৈছে ।

পোষ্টাৰ দুখনত মাধৱ ছেত্ৰী হুচিয়াৰ আৰু ইউপিপিএল মুৰ্দাবাদ লিখা হৈছে । ইউপিপিএল সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীৰ জন্মস্থান গৰুভাষাতে আগছুৰ নিচিনা ছাত্ৰ সংগঠনৰ নামত ক'লা পতাকা আৰু ভাবুকি ভৰা পোষ্টাৰ আঁৰি দিয়া কাৰ্যই এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । খবৰ লাভ কৰি গৰুভাষা আৰক্ষী চকীৰ পৰা আৰক্ষীৰ লোক আহি আঁৰি দিয়া ক'লা পতাকা আৰু পোষ্টাৰ আঁতৰাই দিয়ে ।

উল্লেখ্য যে মাধৱ ছেত্ৰী নিজেও এজন আগছুৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা আছিল । স্বগোষ্ঠীৰ নেতা জনৰ ঘৰত কোনে কি কাৰণত আগছুৰ নামত এনেদৰে ক'লা পতাকা বা ভাবুকি ভৰা পোষ্টাৰ আঁৰি দিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই । কিন্তু যোৱা কিছুদিন ধৰি স্থানীয় আগছু নেতা কৰ্মীৰ সৈতে মাধৱ ছেত্ৰীৰ মনোমালিন্য চলি আছিল ।