অসম

পৰিভ্ৰমী পক্ষীৰ মাতত মুখৰিত কাজিৰঙা

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : এশিঙিয়া গঁড়ৰ বাবে পৃথিৱী বিখ্য়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰতি বছৰে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটে।

পিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম দিশ পক্ষী পৰ্যটন ৷ এশিঙিয়া গঁড় চাবলৈ অহা দেশী বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনত উপভোগ কৰে গঁড়ৰ লগতে বাঘ, ভালুক হৰিণা, হাতী, ম’হ আদি কৰি ভিন্ন প্ৰজাতীৰ সৰীসৃপৰ বিচৰণ ৷

এইসমূহৰ মাজতে পক্ষী পৰ্যটনেও প্ৰসাৰতা লাভ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত। স্থায়ী আৰু পৰিভ্ৰমী পক্ষীৰ কল্লোলত কল্লোলিত ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয়সমূহত সেয়ে দৃষ্টি নিবদ্ধ হৈ পৰে পৰ্যটকৰ।

বিশেষ ভাৱে ইষ্টাৰ্ণ ৰেঞ্জ অগৰাতলিৰ চহলা বিলত বিচৰণ কৰা ভিন্ন প্ৰজাতিৰ বাবে হৈ পৰিছে পক্ষী পৰ্যটনৰ কেন্দ্ৰ স্বৰূপ। পক্ষী দৰ্শনৰ বাবেও কাজিৰঙালৈ বহু পৰ্যটকৰ আগমন হোৱাৰ লগতে একাংশৰ গৱেষণাৰ থলিও হৈ পৰিছে চহলা বিল ৷

বৰ্তমান সময়ত পক্ষী পৰ্যটনে অনন্য মাত্ৰা প্ৰদান কৰা কাজিৰঙাৰ পক্ষীকুলৰ মনোমোহা দৃশ্য কেমেৰাৰ লেন্সত বন্দী কৰিবলৈ আগমন হৈছে দেশী বিদেশী ফটোগ্ৰাফাৰৰ ৷