অসম

চৰাইদেউৰ সোণাৰিত ভয়ংকৰ ঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্ক : চৰাইদেউৰ সোণাৰিত হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু। সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাৰ ১০ নং লাইনত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল বিকাশ তাঁতী আৰু গোবিন্দ তাঁতী নামৰ দুজনকৈ যুৱকৰ।

খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে ভাঙিলে দুটাকৈ বাসগৃহ। অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে উপদ্ৰৱ।