অসম

বিধ্বংসী ধুমুহাই তচনচ কৰি গ'ল মৰমৰ ঘৰখন...

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো দেওবাৰে আবেলি অহা এজাক ধুমুহা বৰষুণে চলালে তাণ্ডৱ ৷ ধুমুহাই তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ।

বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়ে প্ৰচণ্ড ধুমুহাই। ইয়াৰ উপৰিও ঠায়ে ঠায়ে গছ উভালি পৰাৰ ফলত বিস্তৃত ক্ষতি সাধন হয় ৷বিভিন্ন স্থানত বিদ্যুতৰ খুটা, তাঁৰ চিগি যোৱাৰ ফলত ব্যাহত হৈ পৰে বিদ্যুৎ ৷

বিধ্বসী ধুমুহাই অঞ্চলৰ দেওবৰীয়া বজাৰ ব্যৱসায়ী সকলৰ বৃহৎ ক্ষতিসাধন কৰে। বহু লোকৰ ঘৰ, ভঁৰাল, গোহালি , বিদ্যালয়,দোকানগৃহত গছ পৰি ক্ষতি সাধন কৰে ৷এই অঞ্চল সমুহত ।ইয়াৰ উপৰিও বহু পথত গছ পৰি যাতায়ত স্তব্ধ হৈ পৰে বহু সময় ।