কাজলগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মাশ্বৰুম মেলা
কাজলগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মাশ্বৰুম মেলা 
অসম

কাজলগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মাশ্বৰুম মেলা

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং: পৰম্পৰাগত কৃষি কাৰ্যৰ সৈতে জড়িত কৃষকসকলক সামান্য অৰ্থ বিনিয়োগ কৰি কম সময়ৰ ভিতৰত মাশ্বৰুম খেতি কৰি আৰ্থিক দিশত লাভান্বিত হোৱাৰ লক্ষ্য আগত ৰাখি আৰু খেতিয়কসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে চিৰাঙৰ কাজলগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মাশ্বৰুম মেলা অনুষ্ঠিত কৰা হয় । কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত উদ্যোগত আৰু গুৱাহাটীৰ শক্তি আৰু সম্পদ সংস্থাৰ বায়োটেক-কিষান আচঁনিৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত আয়োজিত আজিৰ এই মাশৰুম মেলাত চিৰাং জিলাৰ উপৰি কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ পৰা মাশৰুম খেতিয়ক সকলে অংশগ্ৰহণ কৰে ।

কাজলগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মাশৰুম মেলাৰ উদ্ধোধন কৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে । আজিৰ মাশৰুম মেলাৰ লগত সঙ্গতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিনি শতাধিক খেতিয়ক, আত্মসহায়ক গোটৰ সদস্য সদস্যা সকলে যোগদান কৰা সজাগতামূলক সভাত উদ্দেশ্য ব্যাখ্যা কৰে চিৰাঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ চন্দন ডেকাই। সভাত উপস্থিত থাকে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, গোসাইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ সুনীল পাল, গুৱাহাটীৰ শক্তি আৰু সম্পদ সংস্থাৰ ডঃ নৱ কুমাৰ গোস্বামী, জিলা কৃষি বিষয়া ফনীধৰ ব্ৰহ্ম ।

সভাত বক্তাসকলে পৰম্পৰাগত কৃষি কাৰ্য্যৰ সৈতে জড়িত থাকিও কিদৰে সামান্য অৰ্থ বিনিয়োগ কৰি কম সময়ৰ ভিতৰত মাশৰুম খেতি কৰি আৰ্থিক দিশত লাভান্বিত হ'ব পাৰি তাৰ ওপৰত আলোকপাত কৰে । মাশ্বৰুম খেতি কৰিবলৈ চৰকাৰৰ কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা কিদৰে সহায় আৰু প্ৰশিক্ষণ লাভ কৰিব পাৰিব তাৰ ওপৰত বিস্তাৰিত ভাৱে জনোৱা হয় ।

আজিৰ এই অনুষ্ঠানতে অসম গৌৰৱৰ বটাঁ লাভ কৰা আদৰ্শ খেতিয়ক সৰ্বেশ্বৰ বসুমতাৰীক কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এখন প্ৰশস্তিপত্ৰ আৰু গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আজিৰ মাশ্বৰুম মেলা স্থলীৰ বিপনী সমূহত জৈৱ পদ্ধতিত খেতি কৰা মাশৰুমৰ লগতে মাশ্বৰুমৰ পৰা অন্যান্য বিভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হৈছিল লগতে মাশ্বৰুম খেতিৰ কৰাৰ এখন প্ৰদৰ্শনী স্থাপন কৰা হৈছিল।

আজি মাশ্বৰুম মেলাত অংশগ্ৰহণ কৰা খেতিয়ক তথা আত্মসহায়ক গোটৰ সদস্য সদস্যা সকলে যথেষ্ট আগ্ৰহৰ সৈতে সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হয় । মেলা অংশগ্ৰহণ কৰা বিপনী সমূহৰ মাজৰ পৰা শ্ৰেষ্ঠ বিপনী বিলাকৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় । প্ৰথম পুৰস্কাৰ লাভ কৰে গোসাইগাঁৱৰ পাৰিজাতমাশ্বৰুম, দ্বিতীয় পুৰস্কাৰ লাভ কৰে কোকৰাঝাৰৰ ফাৰ্মাচ অৱ বড়োলেণ্ড আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বৰপেটাৰ ডলী মাশ্বৰুম ফাৰ্মে ।